বিজনীত চিআৰপিএফৰ উদ্যোগত বিনামূলীয়া চিকিৎসা শিবিৰ

 08/08/2019 - 18:05

বিজনীঃ চিৰাং জিলাৰ বিজনী উলুবাৰীত উলুবাৰী আঞ্চলিক প্ৰাক্তন সেনা সন্থাৰ কাৰ্যালয়ত আজি বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়। উলুবাৰী আঞ্চলিক প্ৰাক্তন সেনা সন্থাৰ আহ্বান মৰ্মে উলুবাৰীস্থিত চিআৰপিএফৰ ১৫৬ বেটেলিয়ন শিবিৰৰ উদ্যোগত আয়োজিত এই চিকিৎসা শিবিৰ সেৱাত বৃহত্তৰ উলুবাৰী অঞ্চলৰ তিনি শতাধিক ৰোগীয়ে স্বাস্থ্য পৰীক্ষা কৰোৱাৰ উপৰি বিনামূলীয়া ঔষধ গ্ৰহণ কৰে।

উলুবাৰীস্থিত চিআৰপিএফৰ ১৫৬ বেটেলিয়ন শিবিৰৰ কামানডেণ্ট ৰবি মুণ্ডাই শুভ উদ্বোধন কৰা উক্ত বিনামূলীয়া চিকিৎসা শিবিৰত ৰোগীসকলে শৰীৰৰ উষ্ণ প্ৰৱাহ পৰীক্ষা, চুগাৰ পৰীক্ষা, মেলেৰিয়া পৰীক্ষা, প্ৰস্ৰাৱ পৰীক্ষা আৰু ডেংগু পৰীক্ষাৰ সুবিধা লাভ কৰে। এই স্বাস্থ্য সেৱা শিবিৰত ১৫৬ চিআৰপিএফৰ মেডিকেল বিষয়া তথা চিকিৎসক ৰাহুল দিনেশকে ধৰি বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ দুগৰাকী চিকিৎসকে চিকিৎসা প্ৰদান কৰে।

চি আৰ পি এফে দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত দ্বায়িত্ব পালন কৰি অহাৰ উপৰি বিনামূলীয়া চিকিৎসা সেৱাৰ লগতে বানপানীত ক্ষতিগ্ৰস্ত আৰ্তজনক উদ্ধাৰ আৰু সাহায্য সামগ্ৰী বিতৰণ কৰি আহিছে বুলি উলুবাৰীস্থিত চিআৰপিএফ ১৫৬ বেটেলিয়নৰ কামানডেণ্ট ৰবি মুণ্ডাই সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।