সমাজকৰ্মী জয়ন্ত বৰাৰ উদ্যোগত বিহালীৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়ত গছপুলি ৰোপণ

 08/08/2019 - 18:11

বিহালীঃ বিহালী সমষ্টিৰ উদ্যমী যুৱ সমাজকৰ্মী তথা যুৱ ব্যৱসায়ী জয়ন্ত বৰাই এক ব্যতিক্ৰমী পদক্ষেপেৰে বিহালীৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়ত গছপুলি ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰিছে। আজি সমাজকৰ্মী বৰাই তিনিসুঁতি শংকৰ গুৰু জাতীয় বিদ্যালয়, জিনজিয়া জেন বস্ক স্কুল, বৰজাৰণী মধ্য ইংৰাজী বিদ্যালয়ত গছপুলি ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰে।

প্ৰতিখন বিদ্যালয়তে সেউজ বিপ্লৱ সূচনা কৰাৰ উদ্দেশ্যে ছাত্ৰ ছাত্ৰী, শিক্ষক আৰু ৰাইজৰ সৈতে অনুষ্ঠিত হোৱা সভাত অংশগ্ৰহণ কৰি যুৱ সমাজ কৰ্মীগৰাকীয়ে পৰিৱেশ সংৰক্ষণৰ ওপৰত লক্ষ্য ৰাখি গছ-গছনিৰ ভুমিকাৰ বিষয়ে কৈ স্থানীয় প্ৰতিজন ছাত্ৰ-ছাত্ৰীক নিজৰ নিজৰ জন্ম দিনত একোটাকৈ গছপুলি ৰোপণ কৰাৰ উপদেশ দিয়ে।

লগতে বিদ্যালয়খনৰ চৌহদত কেইবাটাও গছপুলি ৰোপণ কৰাৰ সমান্তৰালকৈ বিদ্যালয়খনৰ দীৰ্ঘদিনীয়া সমস্যা বিশুদ্ধ খোৱা পানীৰ অভাৱ দূৰ কৰিবলৈ এটা পানী ফিল্টাৰ প্ৰদান কৰে। আজিৰ এই গছপুলি ৰোপণ কাৰ্যসূচীত পংকজ মুদৈ, ৰাজীৱ বসুমতাৰী, অবতাৰ কুমাৰ তাঁতীকে ধৰি বহু কেইগৰাকী গণ্য মান্য ব্যক্তি উপস্থিত থাকে। অন্যহাতে যুৱ ব্যৱসায়ী তথা সমাজকৰ্মী জয়ন্ত বৰাৰ এই পদক্ষেপক স্থানীয় ৰাইজে শলাগ লৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।