নগাঁৱত বোৱাৰীৰ ৰহস্যজনক মৃত্যুঃ হত্যাৰ সন্দেহত স্বামী-শাহুক গ্ৰেপ্তাৰ

 08/08/2019 - 18:20

কামপুৰঃ ৰাজ্যত পুনৰ বোৱাৰীৰ ৰহস্যজনক মৃত্যু। ঘৰত কোনো নথকাৰ সময়ত পুৰি চাই হোৱা অৱস্থাত উদ্ধাৰ বোৱাৰীগৰাকীৰ মৃতদেহ। নগাঁৱৰ উৰিয়াগাঁও মিকিৰ পাৰাৰ কবিতা বৰা নামৰ বোৱাৰীগৰাকীক হত্যা কৰাৰ অভিযোগ উঠিছে স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে।

ঘটনাৰ সম্পৰ্কত বোৱাৰীগৰাৰীৰ স্বামী পাপু বৰা আৰু শাহু ধন বৰাক আৰক্ষীয়ে আটক কৰিছে। বোৱাৰীগৰাকীৰ পিতৃ পৰিয়ালে অভিযোগ কৰা মতে স্বামী শাহু আৰু শহুৰে মিলি হত্যা কৰি আত্মহত্যাৰ ৰূপ দিছিল। বোৱাৰীগৰাকী এটি তিনি মহীয়া সন্তানৰ মাতৃ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।