পুৰণিগুদামত জাপানিজ এনকেফেলাইটিছ মহিলাৰ মৃত্যু

 08/08/2019 - 18:29

চামগুৰিঃ ৰাজ্যত এতিয়া বিভীষিকাৰ ৰূপ লৈছে জাপানিজ এনকেফেলাইটিছে। ইয়াৰ সমান্তৰালভাৱে নগাঁৱৰ পুৰণিগুদামতো জাপানিজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে এগৰাকী মহিলা। বিগত প্ৰায় দুমাহ ধৰি পুৰণিগুদাম হাতীগাঁৱৰ ননী শৰ্মা নামৰ ৬২ উৰ্ধৰ মহিলাগৰাকী বিশেষ ৰোগত আক্ৰান্ত হৈ প্ৰথমে গুৱাহাটীৰ দিছপুৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল যদিও শেহতীয়াকৈ চিকিৎসকে মহিলাগৰাকী জাপানিজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছিল বুলি জানিবলৈ দিছিল।

পৰৱৰ্তী সময়ত মহিলাগৰাকীক দিছপুৰ হস্পিতালৰ লগতে নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা চলাই থকা হৈছিল যদিও বৃহস্পতিবাৰে পুৱা মৃত্যুৰ ওচৰত হাৰ মানিব লগীয়া হয় মহিলাগৰাকীয়ে। ইফালে এই ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি পুৰণিগুদামৰ হাতীগাঁৱতো নগাঁও জিলাৰ স্বাস্থ্য বিভাগে এই ৰোগে যাতে মহামাৰীৰ ৰূপ ধাৰণ কৰিব নোৱাৰে তাৰ বাবে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিছে বুলি সংবাদ মাধ্যমৰ সন্মুখত সদৰি কৰে একাংশ স্থানীয় ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।