মানুহৰ কটাক্ষক ওফৰাই পিতৃ শতুঘ্ন সিনহাক পূৰ্ণ সমৰ্থন কন্যা সোণাক্ষীৰ

 03/30/2019 - 14:54

ডিজিটেল ডেস্কঃ শেহতীয়াকৈ বিজেপি নেতা তথা অভিনেতা শতুঘ্ন সিনহাই কংগ্ৰেছত যোগদান কৰা বিষয়কলৈ যথেষ্ট চৰ্চা চলিছে। কিছুমানে বলীউডৰ এসময়ৰ জনপ্ৰিয় তথা প্ৰভাৱশালী অভিনেতাজনক এই কথাটোকলৈ ঠাট্টা-মস্কৰা কৰিবলৈও এৰা নাই। একাংশ লোকে কটাক্ষ কৰিলেও সিনহাৰ এই সিদ্ধান্তক সমৰ্থন কৰিলে জীয়াৰী সোনাক্ষী সিনহাই। পিতৃৰ প্ৰতি কন্যা সোণাক্ষীৰ আছে সম্পূৰ্ণ সহযোগিতা।

পিতৃৰ ৰাজনৈতিক কাম-কাজক লৈ সংবাদ মাধ্যমৰ সন্মুখত পূৰ্বতে কোনো মন্তব্য নকৰা সোনাক্ষীয়ে পিতৃৰ এই সিদ্ধান্তক মুকলিভাৱে সমৰ্থন জনালে। সোণাক্ষীয়ে এই সন্দৰ্ভত কয় ''হয়তো তেওঁ বিচৰা কামবোৰ কৰিবলৈকে কংগ্ৰেছত যোগদান কৰিছে। ইয়াত দেউতাৰ কোনো স্বাৰ্থ নাই। কেৱল জনসাধাৰণৰ স্বাৰ্থতে তেওঁ বিজেপিৰ পৰা কংগ্ৰেছলৈ আহিছে।  অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া, লাল কৃষ্ণ আদৱানী ডাঙৰীয়াক তেওঁ এতিয়াও সন্মান কৰে আৰু আগলৈও কৰি যাব। কিন্তু দলত থকা বাকী লোকসকলে তেওঁক সেই মৰ্যাদা নিদিলে যি এজন জ্যেষ্ঠ নেতাৰ প্ৰাপ্য।মই ভাবো এই সিদ্ধান্ত তেওঁ বহু দিনৰ পূৰ্বেই ল’ব লাগিছিল।'’

উল্লেখ্য যে, বিগত কিছুদিন ধৰি শতুঘ্ন সিনহাই বিজেপি দলৰ মজিয়াত থাকিও চৰকাৰৰ বিভিন্ন কাম-কাজত অসন্তুষ্ট হৈ সুযোগ পালেই সমালোচনা কৰিছিল আৰু সেইবাবেই বিজেপিৰ নেতা-কৰ্মীয়েও লাহে লাহে তেওঁক ভাল নোপোৱা হৈ আহিছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।