বটদ্ৰৱাৰ সোণাৰী গাঁৱত দিন দুপৰতে ডকাইতিৰ ঘটনাঃ ব্যৱসায়ী আহত

 08/08/2019 - 19:24

বটদ্ৰৱাঃ নগাঁও জিলাৰ ধিং আৰক্ষী থানাৰ অন্তৰ্গত সোণাৰী গাঁৱত দিন দুপৰতে তিনি দুৰ্বৃত্তই এজন ব্যৱসায়ীক চোকা অস্ত্ৰৰে আঘাত কৰি নগদ ধন আৰু ম'বাইল ফোন লৈ উধাও হোৱা ঘটনাই পুনৰ ধিং আৰক্ষীৰ ব্যৰ্থতাৰ প্ৰতিচ্ছবি উন্মোচিত হৈছে। ঘটনাৰ বিৱৰণী মতে চমকা গাঁৱৰ জেহিৰুল ইছলাম নামৰ ব্যৱসায়ীজনে বুধবাৰে জাজৰি-টুকটুকী-ধিং সংযোগী গড়কাপ্টানি পথৰে টুকটুকীৰ পৰা ধিং বজাৰলৈ আহি থকা অৱস্থাত সোণাৰী গাঁৱত পূৰ্বৰে খাপ-পিতি থকা তিনি দুৰ্বৃত্তই ব্যৱসায়ীজনক লুটপাত চলাবলৈ আৰম্ভ কৰে।

ব্যৱসায়ীজনে বাধা প্ৰদান কৰাত দুৰ্বৃত্তৰ দলটোৱে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি নগদ ধন আৰু ম’বাইল ফোন লৈ ঘটনা স্থলীৰ পৰা উধাও হয়। স্থানীয় ৰাইজ তথা পথচাৰীৰে ব্যৱসায়ীজনক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি ধিং এফ আৰ ইউত ভৰ্তি কৰাই যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে।

ঘটনা সন্দৰ্ভত ব্যৱসায়ীজনে ধিং আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। ইপিনে ব্যৱসায়ীজনে জানিবলৈ দিয়ে যে উক্ত তিনি দুৰ্বৃত্তৰ ভিতৰত এজন হৈছে ছালনাবড়ি গাঁৱৰ বাবুল। এক সূত্ৰ অনুসৰি পূৰ্বেও বাবুলৰ বিৰুদ্ধে বিভিন্ন অপৰাধজনিত ঘটনাত লিপ্ত হোৱাৰ অভিযোগ আছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।