নলবাৰীত বিধায়ক অশোক শৰ্মাৰ প্ৰশংসনীয় পদক্ষেপ

 08/08/2019 - 19:40

নলবাৰীঃ অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সহযোগত আজি নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই নিজা বাসগৃহৰ বাকৰিত বিতৰণ কৰিলে বিভিন্ন খেলৰ সামগ্ৰী। উল্লেখ্য যে নলবাৰী সমষ্টিৰ অন্তৰ্গত নৰ্থ কামৰূপ ক্লাৱ, নবাৰুন ক্লাৱ, ঘগ্ৰাপাৰ স্প’ৰ্টছ ক্লাৱ, উদয়পুৰ ক্লাৱকে ধৰি প্ৰায় ৪৫ টা ক্লাৱ তথা ক্ৰীড়া সংগঠনক ফুটবল, ভলীবল, ফুটবল নেট, ভলীবল নেট আদি প্ৰদান কৰে।

ক্ৰীড়া সংগঠক পৰেশ বৰ্মনে আঁত ধৰা আজিৰ এই খেলৰ সামগ্ৰী বিতৰণ অনুষ্ঠানত উপস্থিত থাকে মহকুমা ক্ৰীড়া বিষয়া, নলবাৰীৰ বিষ্ণু কলিতা, সদৌ অসম ফুটবল সন্থাৰ সহকাৰী সম্পাদক দিলীপ মেধি, জ্যেষ্ঠ সাংবাদিক কমলেশ শৰ্মাকে ধৰি বহু কেইগৰাকী বিশিষ্ট ক্ৰীড়া সংগঠক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।