নগাঁৱত শতাধিক কংগ্ৰেছ, এআইইউডিএফৰ নেতা-কৰ্মীৰ বিজেপিত যোগদান

 08/08/2019 - 19:52

বটদ্ৰৱাঃ বিধান সভাৰ নিৰ্বাচনলৈ মাজত দুটাকৈ বছৰ বাকী থকাৰ সময়ছোৱাত শাসক দলৰ ৰূপহীহাট সমষ্টিৰ শক্তিশালী বিজেপি নেত্ৰী তথা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সম্পাদিকা ছালমা জেছমিনৰ ব্যাপক তৎপৰতাত ৰূপহীহাট সমষ্টিত কংগ্ৰেছৰ ভেটি তচনচ হৈ পৰা পৰিলক্ষিত হৈছে। বিগত কিছুদিন ধৰি সমষ্টিটোৰ বিভিন্ন পঞ্চায়তত হাজাৰোধিক কংগ্ৰেছী, এআইইউডিএফ দলৰ কৰ্মীয়ে ছালমা জেছমিনৰ নেতৃত্বত বিজেপি দলত যোগদান কৰিছে।

আজি সমষ্টিটোৰ মাহগুৰি গাঁও পঞ্চায়তৰ কাৰ্যালয় প্ৰাংগনত অনুষ্ঠিত হোৱা সদস্য ভৰ্তি আৰু যোগদান অনুষ্ঠানত শতাধিক কংগ্ৰেছ আৰু এআইইউডিএফ দলৰ নেতা-কৰ্মীয়ে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে। বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সম্পাদিকা ছালমা জেছমিনৰ উপস্থিতিত সভাত নতুনকৈ যোগদান কৰা প্ৰতিগৰাকী সদস্যক নেত্ৰীগৰাকীয়ে গেৰুৱা বসন পিন্ধোৱাৰ লগতে সদস্য ভৰ্তিৰ পৰিচয় পত্ৰৰে বিজেপি দললৈ আদৰণি জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।