ওদালগুৰিঃ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে জম্মু-কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ আৰু ৩৫ (ক) অনুচ্ছেদ প্ৰত্যাহাৰ কৰি জম্মু-কাশ্মীৰ আৰু লাডাখক দুখন কেন্দ্ৰীয় শাসিত ৰাজ্য গঠনৰ পিছৰে পৰা অসমৰ পৰা বড়োলেণ্ড গঠনৰ দাবী তীব্ৰতৰ হৈ পৰিছে। এবছু, এনডিএফবি(প্ৰ) আৰু পিজিএচিবিএমে সাংবিধানিকভাৱে বড়ো ৰাজ্য গঠন কৰাৰ বাবে বিভিন্ন আন্দোলনৰ কাৰ্যসূচী অব্যাহত ৰাখিছে।
আজি সংগঠনকেইটাই ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত তিনি ঘণ্টীয়া অৱস্থাত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা উক্ত আন্দোলনৰ কাৰ্যসূচীত সহস্ৰাধিক জনতাই বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে আকাশ-বতাহ উত্তাল কৰি তোলে।
পূৰ্ব প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী তিনিখন, ড° মনমোহন সিঙে তেলেংগানা আৰু বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু-কাশ্মীৰ আৰু লাডাখক কেন্দ্ৰীয় শাসিত ৰাজ্য গঠন কৰিব পৰে তেন্তে অসমৰ পৰা বড়োলেণ্ড কিয় গঠন কৰিব নোৱাৰিব বুলি প্ৰশ্ন উত্থাপন কৰে। সংবিধানৰ আৰ্টিকুল ১/২ অনুসৰি অসমৰ পৰা পৃথক বড়োলেণ্ড গঠন কৰিবলৈ সংগঠনকেইটাৰ নেতৃত্বই কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী জনাইছে। অন্যথা বৃহৎ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও হুংকাৰ প্ৰদান কৰে।