08/08/2019 - 20:58
in
নাৰায়নপুৰঃ পুনৰ অসম চৰকাৰৰ কৃষি বিভাগে কৃষকক দিলে ৰামঠগন। কৃষকক দিয়া ধানৰ বীজৰ পৰা ধানৰ পৰিৱৰ্তে ওলাল পতান। এই ঘটনা লখিমপুৰ জিলাৰ নাৰায়নপুৰ মহকুমাৰ কৃষি বিভাগৰ অন্তৰ্গত মেৰমুখ নপোমা গাঁৱত। অতি হেঁপাহৰে অসম চৰকাৰৰ পৰা আগতকৈ এমুঠি বেছি পোৱাৰ আশাৰে কৰিস্মা নামৰ এবিধ ধান বহু ধন খৰচ কৰাৰ লগতে শাৰীৰিকভাৱে দিন-ৰাতি কষ্ট কৰিও অৱশেষত ধানৰ ঠাইত পতান হোৱাত কৃষকসকলে মুৰে-কপালে হাত দিব লগাত পৰিছে।
এই ক্ষেত্ৰত কৃষি বিভাগক বাৰম্বাৰ অবগত কৰাৰ পাছতো বিভাগীয় কৰ্তৃপক্ষই আজি পৰ্যন্ত কোনো গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত নহ’ল। যাৰ বাবে কৃষকসকলে কোনো পৰীক্ষা নকৰাকৈ কৃষকসকলক হাৰাশাস্তি কৰাত ৰাজ্য চৰকাৰৰ পৰা ক্ষতিপূৰণ দাবী কৰাৰ লগতে ভৱিষ্যতৰ বাবেও কৃষকসকলৰ দৰে দুখীয়া-নিচলা সহজ-সৰল কৃষকসকলক লৈ হেতালি নেখেলিবলৈ আহ্বান জনায়।