জুইত পুৰি ছাঁই হ’ল এনআৰচি ৰ নথি-পত্ৰ

 03/30/2019 - 15:01

দৰংঃ দৰং জিলাৰ খাৰুপেটীয়াত ২৮ মাৰ্চ তাৰিখে তিনিটা বাসগৃহ অগ্নিকাণ্ডত জাঁহ যায়।খাৰুপেটীয়া নিকটৱৰ্তী মোল্লাপাৰা গাঁৱৰ নুৰুল আমিনৰ ঘৰত ঘটে এই অগ্নিকাণ্ডটো৷

বৃহস্পতিবাৰে সন্ধিয়া ঘৰত জ্বলোৱা চাকিৰপৰা উক্ত ঘটনাটোৰ সূত্ৰপাত হয় বুলি জানিব পৰা গৈছে।

অগ্নিকাণ্ডটোত লক্ষাধিক টকাৰ মূল্যৱান সা-সামগ্ৰীসহ এনআৰচি ৰ সকলা নথিপত্ৰ জুইত ভষ্মীভুত হোৱাত পৰিয়ালৰ সদস্যসকল সম্পূৰ্ণৰূপে দুখত ভাগি পৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।