ৰঙিয়াঃ প্ৰধানমন্ত্ৰী আবাস বিকাশ অভিযান হ’ল ভাৰত চৰকাৰৰ গৃহ নিৰ্মাণ তথা নগৰী দৰিদ্ৰতা নিৰ্মূলীকৰণ মন্ত্ৰালয়ৰ এক অভিযান। এই অভিযানৰ মূল উদ্দেশ্য হ’ল ২০২২ চনৰ ভিতৰত দেশৰ সকলো নাগৰিককে বাসগৃহ দিয়া হ’ব যেতিয়া আমাৰ দেশখনে স্বাধীনতা লাভ কৰা ৭৫ বছৰ পূৰ্ণ কৰিব। এই অভিযানৰ মূল লক্ষ্য বা উদ্দেশ্য হ’ল দেশৰ দৰিদ্ৰ জনসাধাৰণৰ পৰিয়ালক প্ৰয়োজন হোৱা বাসগৃহৰ অভাৱ পূৰণ কৰা।
ইয়াৰ অংশ হিচাপে বৃহস্পতিবাৰে ৰঙিয়া সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ জলসিঞ্চন, ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী ভৱেশ কলিতাই পদুমকুঁৱৰী পঞ্চায়ত, চেপ্তীনকুল গাঁও পঞ্চায়ত আৰু বড়িগোগ পঞ্চায়তত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত প্ৰায় ১৫ টা ঘৰৰ আনুষ্ঠানিক আধাৰশিলা স্থাপন কৰে।
আধাৰশিলা কাৰ্যসূচীত সহযোগ কৰে ৰঙিয়া উন্নয়ন খণ্ডৰ বিষয়া সমীপ ডেকা কণিষ্ঠ অভিযন্তা নাৰায়ন কলিতা, বড়িগোগ জিলা পৰিষদ সমষ্টিৰ সদস্যা ৰূপালী শৰ্মা, ৰঙিয়া আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী শিপ্ৰা দাস, পদুমকুৱৰী গাঁও পঞ্চায়তৰ সভাপতি জয়ৰাম হালৈ, চেপ্তী-নকুল গাঁও পঞ্চায়তৰ সভানেত্ৰী নাবৰূপা দাস, বড়িগোগ গাঁও পঞ্চায়তৰ সভাপতি গৌৰী কাৰ্জীৰ উপৰি গাঁও পঞ্চায়তসমূহৰ আঞ্চলিক সদস্য, গাঁও সভাৰ সদস্য, বিজেপিৰ উত্তৰ কামৰূপ জিলাৰ উপ-সভাপতি চন্দ্ৰ ধৰ কলিতা, সাধাৰণ সম্পাদক সুবল পাল, প্ৰাক্তন ৰঙিয়া ব্লক মণ্ডলৰ সাধাৰণ সম্পাদক সুশীল নমশূদ্ৰ, প্ৰাক্তন ৰঙিয়া ব্লক মণ্ডল যুৱ মৰ্চাৰ সভাপতি হিমাংশু কাকতি, ৰঙিয়া ব্লক মণ্ডল যুৱ মৰ্চাৰ আইটি এণ্ড চছিয়েল মেডিয়াৰ তত্ত্বাৱধায়ক পৰেশ ডেকাৰ লগতে বহু সংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে৷