মেৰামতি কৰি থাকোতে ট্ৰাকৰ চকাই প্ৰাণ ল’লে কিশোৰৰ

 03/30/2019 - 15:22

কাজিৰঙাঃ কাজিৰঙাৰ বাগৰিত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। বাগৰি আৰক্ষী চকীৰ অধীনত বাগৰিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থিত এখন ৱেলডিং কৰা দোকানত শুকুৰবাৰে দুপৰীয়া প্ৰায় ১-৩০ বজাত সংঘটিত হোৱা এক দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে বাগৰি গোহাঁই গাঁও নিবাসী আশ্ৰাফুল ইছলাম (১৬) নামৰ এজন কিশোৰে। ট্ৰাকৰ চকা মেৰামতি কৰি থকা অৱস্থাত হঠাৎ বায়ু ভৰ্তি ট্ৰাকৰ চকাটো ফুটি চকাটোত লাগি থকা লোৰ টুকুৰাই আঘাত কৰাত আশ্ৰাফুলৰ ঘটনাস্থলীতে মৃত্যু হয়।

আনহাতে এই দুৰ্ভাগ্যজনক ঘটনাত ট্ৰাকখনৰ কৰ্মচাৰী বিহাৰৰ ৰাঘনপুৰ নিবাসী জয়ালাল (১৯) গুৰুতৰভাৱে আহত হয়। ঘটনাটো ইমানেই ভয়াৱহ আছিল যে চকাটোৰ লোৰ টুকুৰাই আশ্ৰাফুলৰ মূৰত তীব্ৰ গতিত আঘাত কৰাত মূৰ ফাটি মগজু চিন্নভিন্ন হৈ পৰে। ট্ৰাকৰ চকাটো ইমানই বিকট শব্দ কৰি ফুটিছিল যে কেই মূহুৰ্তমানৰ বাবে অঞ্চলটোত আতংকৰ সৃষ্টি হৈছিল।

উল্লেখ্য যে সাধাৰণতে প্ৰতি দিনেই আশ্ৰাফুলৰ ককায়েকে দোকানখন পৰিচালনা কৰে যদিও ককায়েকে কাষতে থকা মছজিদত নামাজ পঢ়িবলৈ যাওঁতে এনে শোকাবহ দুৰ্ঘটনাটো সংঘটিত হয়। ইফালে বাগৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰাৰ লগতে আহত জয়ালালক জখলাবন্ধা চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাই উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনাটোৱে সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।