জাপানীজ এনকেফেলাইটিজত ছাত্ৰৰ মৃত্যু

 08/09/2019 - 15:49

ডিগবৈঃ ৰাজ্যত অব্যাহত আছে জাপানীজ এনকেফ্লাইতিজৰ সংহাৰী ৰূপ। জাপানীজ এনকেফেলাইটিজ ৰোগত আজি এজন ছাত্ৰৰ মৃত্যু হয়। লেখাপানী উদয়পুৰৰ অমন উপাধ্যায় (১২) নামৰ ছাত্ৰজনৰ ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হাস্পতালত আজি পুৱা মৃত্যু ঘটে।

অমন উপাধ্যায় ডুমডুমা নবোদয় বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ আছিল। যোৱা ২৬ জুলাইৰ পৰা অমন উপাধ্যায় ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাত আছিল। ছাত্ৰজনৰ এনে অকাল মৃত্যুত সমগ্ৰ অঞ্চল জুৰি শোকৰ ছাঁ পৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।