অসম চাহ মজদুৰ সংঘৰ ৬২ সংখ্যক প্ৰতিষ্ঠা দিৱস

 08/09/2019 - 16:09

ডুমডুমাঃ এচিয়া মহাদেশৰ সর্ববৃহৎ শ্ৰমিক সংগঠন অসম চাহ মজদুৰ সংঘই আজি ৬২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। সমগ্ৰ অসমৰ লগতে চাহ নগৰী ডুমডুমাতো সংঘৰ প্ৰতিষ্ঠা দিৱস বিভিন্ন কাৰ্যসূচীৰে পালন কৰিছে। পুৱা ১০ বজাত সংঘৰ পতাকা উত্তোলন কৰে ডুমডুমা শাখাৰ সভাপতি দিলেশ্বৰ তাঁতীয়ে।

ইয়াৰ পিছত সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক সভাত সংঘ আৰু চাহ শ্ৰমিকৰ বিভিন্ন বিষয়ৰ ওপৰত উপস্থিত বিশিষ্ট ব্যক্তিসকলে বক্তব্য আগবঢ়োৱাৰ লগতে প্ৰত্যেক বছৰৰ দৰে উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ডুমডুমাৰ চাহ বাগিচা অঞ্চলৰ প্ৰায় ৬০ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বর্ধনা জনোৱাৰ লগতে প্রত্যেক ছাত্ৰ-ছাত্ৰীলৈ ডুমডুমা শাখা সংঘ তৰফৰ পৰা আৰ্থিক সাহায্য প্ৰদান কৰে। অনুষ্ঠানত শাখা সংঘৰ সভাপতি দিলেশ্বৰ তাঁতী, সম্পাদক ৰূপেশ গোৱালা, ডুমডুমা প্রেছ ক্লাবৰ সভাপতি অর্জুন বৰুৱা, বিভিন্ন চাহ বাগিচাৰ প্ৰায় ৫ শতাধিক চাহ শ্ৰমিকৰ লগতে ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.