হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আমছুৰ অৱস্থান ধৰ্মঘট

 08/09/2019 - 16:34

মানকাচৰঃ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৰ দক্ষিণ শালমাৰা জিলা সমিতিৰ উদ্যোগত আজি হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ন কৰে। যোৱা কেইবাদিন ধৰি এন আৰ চিৰ নামত জনসাধাৰণ হাৰাশাস্তিৰ সন্মুখীন হৈ অহা বুলি আমছুৱে অভিযোগ কৰে। নামনিৰ পৰা উজনি অসমৰ চুকে কোণে গৈ নিজৰ ভাৰতীয় নাগৰিক হোৱাৰ প্ৰমাণ দিবলৈ গৈ বহুতেই পথ দুৰ্ঘটনাত নিজৰ জীৱন দিব লগা হৈছে।

এই ক্ষেত্ৰত এন আৰ চিৰ ফালৰ পৰা মুহূৰ্ততে জাননী জাৰি কৰি চাৰিশ-পাঁচশ কিলোমিটাৰ দূৰত গৈ উপস্থিত হ’ব লগা হৈছে। আজি দক্ষিণ শালমাৰা মানকাচৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আমছুৱে ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদৰ শেষত জিলা উপায়ুক্তৰ জৰিয়তে কেন্দ্ৰীয় গৃহ মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।