ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দ্বিতীয়টো কাৰ্যকালৰ ঐতিহাসিক সিদ্ধান্ত। ঘোষণা কৰিলে কৃষক পেঞ্চন যোজনা আঁচনি। শুকুৰবাৰৰ পৰা কাৰ্যকৰী কৰা হ’ব এই আঁচনি। কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তমাৰে দিল্লীত এই কথা ঘোষণা কৰে। ‘কৃষক পেঞ্চন যোজনা’ৰ দ্বাৰা কৃষকসকলক পেঞ্চনৰ সুবিধা প্ৰদান কৰা হ’ব। প্ৰথমে দেশৰ ৫ কোটি কৃষকে এই সুবিধা লাভ কৰিব।
এই আঁচনিৰ বাবে ১৮ ৰ পৰা ৪০ বছৰ বয়সৰ কৃষকে আবেদন কৰিব পাৰিব। আঁচনিৰ সুবিধা লাভ কৰিবলৈ কৃষকসকলে মাহিলী ১০০ টকাকৈ দি যোগদান কৰিব লাগিব। অৱশ্যে বয়স বঢ়াৰ লগে লগে ইয়াৰ হিচাপ বাঢ়ি যাব। তাৰ পিছত আঁচনি অনুসৰি ৬০ বছৰৰ উৰ্ধৰ কৃষকে ৩ হাজাৰকৈ প্ৰতিমাহে পেঞ্চন লাভ কৰিব আৰু যদি কৃষকগৰাকীৰ মৃত্যু হয় তেনেহ’লে তেওঁৰ পৰিবাৰে পেঞ্চনৰ ৫০ শতাংশ লাভ কৰিব।
অৰ্থাৎ ১৫০০ টকাকৈ প্ৰতিমাহে পেঞ্চন লাভ কৰিব। এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ কৃষকসকলে তেওঁলোকৰ খেতিৰ সম্পূৰ্ণ তথ্য প্ৰদান কৰাৰ লগতে নিজৰ সম্পূৰ্ণ তথ্য অৰ্থাৎ আধাৰ কাৰ্ড, ম’বাইল নম্বৰ ইত্যাদি চৰকাৰক প্ৰদান কৰিব লাগিব।