মৰাণ তেলীয়া পথাৰৰ কৃষকৰ সপোন কাঢ়িলে ডিমৌ নৈৰ পানীয়ে

 08/09/2019 - 17:20

খোৱাঃ  মৰাণ তেলীয়া পথাৰৰ প্ৰায় অৰ্ধশতাধিক কৃষকৰ সপোন কাঢ়ি নিলে ডিমৌ নৈৰ বাঢ়নী পানীয়ে। কেইদিন মানৰ পূৰ্বে অহা মুষলধাৰ বৰষুণৰ ফলত উফন্দি উঠা ডিমৌ নৈৰ বাঢ়নী পানীয়ে ধেমেচী গাঁও পঞ্চায়তৰ অন্তৰ্গত তেলীয়া পথাৰ, মাজুমেলীয়া, লাকলৌ আৰু বৰভূই চেতিয়া গাঁ‌ৱৰ প্ৰায় অৰ্ধ শতাধিক কৃষকৰ খেতি পথাৰ বুৰাই পেলোৱাৰ লগতে শাওণৰ পথাৰৰ সকলো সপোন তচ নচ কৰি পেলায়।

সম্প্ৰতি পানী শুকাবলৈ ধৰিছে যদিও নিজৰ উদং পথাৰখন দেখি মূৰে কপালে হাত দিব লগা হৈছে কৃষক ৰাইজে। কাৰণ পথাৰত ৰুবলৈ নাই কঠিয়া।  ইফালে কৃষি বিভাগৰ কোনো লোক আহি গাঁওবাসীক সহায়ৰ হাত আগবঢ়োৱা নাই বুলি গাওঁবাসীয়ে অভিযোগ কৰিছে। খেতি কৰি কোনোমতে জীৱন নিৰ্বাহ কৰি থকা এই পৰিয়াল কেইটাৰ ওচৰত আজি পৰ্যন্ত কোনো এজন জনপ্ৰতিনিধি আহি উপস্থিত নোহোৱাত ক্ষোভ প্ৰকাশ কৰিছে ভুক্তভোগী পৰিয়ালকেইটাই।

বহু কষ্ট কৰি ৰোপণ কৰা খেতি ডৰা বাঢ়নী পানীয়ে নষ্ট কৰি পেলোৱাত অঞ্চলটোৰ কৃষকসকল দিশহাৰা হৈ পৰিছে। সেয়ে মৰাণ বিধানসভা সমষ্টিৰ পৰা ৰাজনৈতিক জীৱনৰ পাতনি মেলা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক তেওঁলোকৰ এই সমস্যাটোৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিবলৈ অনুৰোধ জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।