বালিপৰাঃ বিশ্বনাথ জিলাৰ চিলামাৰী, বালিডুবি, বাঘমাৰী, ছোৱাগুৰি আদি বিভিন্ন ঠাইত আজি মৌলানা বদৰুদ্দিন আজমল নেতৃত্বাধীন জমিয়তৰ নেতৃবৃন্দই বান সাহায্য বিতৰণ কৰে। বিশ্বনাথ জিলা জমিয়তৰ সভাপতি মৌলানা নুৰুল আমিন কাছিমীৰ উপস্থিতিত উক্ত ঠাইসমূহৰ প্ৰায় ৭৫০ টা বানপীড়িত পৰিয়ালৰ মাজত বান সাহায্য বিতৰণ কৰা হয়। সাহায্য সামগ্ৰীৰ প্ৰতিটো পেকেটত থাকে ৬ কেজিকৈ চাউল, ১ কেজি দালি, ১ লিটাৰ মিঠা তেল, ১ কেজি নিমখ, ১ পেকেট বিস্কুট, ১ খনকৈ লুঙী, এখনকৈ শাৰী আৰু এখন তিৰ্পাল।
বিশ্বনাথ জিলা জমিয়তৰ সভাপতি মৌলানা নুৰুল আমিন কাছিমীয়ে সাংবাদিকক জানিবলৈ দিয়া মতে বিশ্বনাথ আৰু জামুগুৰিহাটৰ পানপুৰ, লালেটাপু আদি ঠাইত জমিয়তৰ উদ্যোগত মুঠ ১৫০০ পৰিয়ালৰ মাজত সাহায্য বিতৰণ কৰা হ’ব। আজি বাঘমাৰী, ছোৱাগুৰি, চিলামাৰী আদি ঠাইত ৭৫০ টা বানপীড়িত পৰিয়ালৰ মাজত সাহায্য বিতৰণ কৰা হৈছে। পৰৱৰ্তী সময়ত জামুগুৰি পানপুৰ, লালেটাপু, ভৈৰৱী আদি ঠাইত ৭৫০ টা বানপীড়িত পৰিয়ালক সাহায্য প্ৰদান কৰা হ’ব।
অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি মৌলানা বদৰুদ্দিন আজমল চাহাবৰ উদ্যোগত আগবঢ়োৱা এই সাহায্য লাভ কৰা হিতাধিকাৰীসকলে জমিয়তৰ এই পদক্ষেপৰ শলাগ লৈছে। আজিৰ সাহায্য প্ৰদান অনুষ্ঠানত বিশ্বনাথ জিলা জমিয়তৰ কাৰ্যকৰী সভাপতি কাজী জৈনুদ্দিন কাছিমী, সাধাৰণ সম্পাদক মঃ নাচিৰ আলি, বাঘমাৰী আঞ্চলিকৰ সভাপতি আজম আলিৰ লগতে অন্যান্য আঞ্চলিক কমিটীৰ বিষয়ববীয়াসকল উপস্থিত থাকে।