বিজনীঃ চিৰাং জিলাৰ বিজনীৰ দহলাপাৰাস্থিত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিত্যক্ত টোল গেটৰ সমীপৰ পৰা বিগত ১ আগষ্টৰ নিশা অপহৰণ কৰা এখন চাহপাতভৰ্তি ট্ৰাক যোৱা ৭ আগষ্টত আৰক্ষীয়ে বহিঃৰাজ্য পশ্চিম বংগৰ ধুপগুৰীত উদ্ধাৰ কৰাৰ এক বাতৰি পোৱা গৈছে। উদ্ধাৰকৃত গাড়ীখনৰ নম্বৰ ডব্লিউ বি ২৩ ই ৭২০৪ বুলি জানিব পৰা গৈছে। জানিব পৰা মতে বিগত ১ আগষ্টত বিশ্বনাথ চাৰিআলিৰ পৰা উক্ত চাহপাত ভৰ্তি ট্ৰাকখন আহি থকা অৱস্থাত টোলগেটৰ সমীপত ৬/৭ জনীয়া এটা দুৰ্বৃত্তৰ দলে আগচি ধৰে। ইয়াৰ পৰবৰ্তী সময়ত দলটোৱে ট্ৰাক চালকক বলপূৰ্বক এখন বলেৰ' গাড়ীত উঠাই চাহপাতভৰ্তি ট্ৰাকখন লৈ উধাও হয়।
ইফালে দুৰ্বৃত্তৰ দলটোৱে ট্ৰাক চালকজনক হাত-ভৰি বান্ধি ধুবুৰীৰ চৈবাৰী চাহবাগানত এৰি থৈ যায়। সৌভাগ্যবশতঃ চালকজনে নিজৰ জীৱন বচাই বিগত ২ আগষ্টত চিৰাঙৰ বিজনী থানাত হাজিৰ হৈ ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে বিগত ৬ আগষ্টত বিজনীৰ ১ নং দংশীয়াপাৰাৰ নিবাসী ৰাজু বৰ্মন নামৰ এজন ২৫ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰে। উক্ত যুৱকজনৰ স্বীকাৰোক্তিৰ ভিত্তিত বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধী আৰু বিজনী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপক কুমাৰ বৰাৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে পশ্চিম বংগ আৰক্ষীৰ সহযোগত পশ্চিম বংগৰ ধুপগুৰীত এৰি থৈ যোৱা অবস্থাত খালি ট্ৰাকখন উদ্ধাৰ কৰে।
ইয়াৰ পিছতে আৰক্ষীয়ে বাৰোভিছাৰ এটা গুডামত ট্ৰাকখনৰ পৰা নমাই অনা ৪২০ টা চাহপাতৰ পেকেটৰ লগতে অবৈধভাৱে মজুত কৰি ৰখা আন ১২৪ টাকৈ পেকেটসহ মুঠ ৫৪৪ টা চাহপাতৰ পেকেট উদ্ধাৰ কৰে। আৰক্ষীয়ে উক্ত গুডামত ডব্লিউ বি ৬৯-৮৯৬৮ নম্বৰৰ এখন চাহপাত ভৰ্তি বলেৰ' পিকআপ গাড়ী উদ্ধাৰ কৰে।
ইফালে আৰক্ষীয়ে গুডামৰ গৰাকী বাৰোভিছাৰ বৰটলা গাঁৱৰ ব্যৱসায়ী চিপলু সাহা(৩১)ক গ্ৰেপ্তাৰ কৰে। পিছত আৰক্ষীয়ে জব্দকৃত সামগ্ৰীসহ ধৃত চিপলু সাহাক বিজনী থানালৈ লৈ আহে। সম্প্ৰতি ধৃত ৰাজু বৰ্মন আৰু চিপলু সাহাক বিজনী থানাত ৰখা হৈছে। আনহাতে আৰক্ষীয়ে উক্ত অপহৰণ কাৰ্যত ব্যৱহৃত এ এছ ২৫ এন ০৩৩১ নম্বৰৰ বলেৰ' গাড়ীখনো জব্দ কৰি বিজনী থানালৈ লৈ আহে। উল্লেখ্য যে ধৃত ৰাজু বৰ্মন ইয়াৰ পূৰ্বেও অপৰাধত লিপ্ত হৈ জে’ললৈ গৈছিল।