দেৰগাঁওঃ দেৰগাঁৱৰ চাৰিআলিৰ ৰাজপথত বুধবাৰে নিশা এক কৰুণ দৃশ্য প্ৰত্যক্ষ কৰে ৰাইজে৷ যন্ত্ৰণাত কাতৰ এটি ৰুগ্ন শিশুক কোলাত লৈ অনাই বনাই ঘূৰি ফুৰে এজন অসহায় পিতৃ৷ পেটৰ জটিল ৰোগত আক্ৰান্ত অবিনাশ বড়ি নামৰ ৬ বছৰীয়া শিশুটি৷ সেই পৰ্যন্ত শিশুটিৰ হাতত লাগি আছিল এটি কেণ্ডোলাও৷ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা শিশুটিক চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰিছিল যদিও আৰ্থিক অভাৱৰ বাবেই তেনে অৱস্থাতে পুনৰ পিতৃ ৰকম বড়িয়ে ১ নং বকুলী চাপৰিলৈ ঘূৰাই নিবলৈ দেৰগাঁৱত গাড়ীৰ অপেক্ষাত ৰৈছিল৷
ইপিনে ল’ৰাটোৰ পেট ফুলি যোৱাৰ শংকাত তাক পানী এটোপালো খাবলৈ দিয়া নাছিল অভিভাৱকে৷ ভোক আৰু যন্ত্ৰণাত আতুৰ হৈ কান্দিছিল শিশুটিয়ে৷ অৱশ্যে প্ৰত্যক্ষদৰ্শী দুজনমানে শিশুটিক পানী আৰু বিস্কুট খাবলৈ দিয়ে৷ উল্লখযোগ্য যে যোৰহাটত দেখুৱাৰ পূৰ্বে দেৰগাঁৱৰ দুখন চিকিৎসালয়ত শিশুটোৰ চিকিৎসা কৰা হৈছিল৷
আনহাতে বৈদ্যুতন মাধ্যমৰ দুজন সাংবাদিকে তেওঁলোকৰ সমস্ত কথা শুনাৰ পাছত কেইবাজনো চিকিৎসক আৰু একাধিক চিকিৎসালয়ৰ লগত শিশুটোৰ সম্পৰ্কে আলোচনা কৰে যদিও ইয়াৰ মাজতে যোৰহাটৰ সঞ্জীৱনী চিকিৎসালয়ৰ চিকিৎসক ডঃ পঙ্কজ কুমাৰ বৰুৱাই বৃহস্পতিবাৰে ৰুগীয়া শিশুটিক চিকিৎসাৰ কৰোৱাৰ এক ব্যৱস্থা কৰে৷ যোৰহাটৰ সঞ্জীৱনী চিকিৎসালয়ৰ এনে মহানুভৱতাক দেৰগাঁৱৰ ৰাইজে শলাগ লয়।