চামগুৰিত লোমহৰ্ষক হত্যাকাণ্ড

 08/09/2019 - 17:57

চামগুৰিঃ নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অধীনৰ কাৱৈমাৰী আৰক্ষী চকীৰ অন্তৰ্গত মাগুৰমাৰীত বৃহস্পতিবাৰে দুপৰীয়া এটি প্ৰায় চাৰি বছৰীয়া শিশুক লোমহৰ্ষকভাৱে হত্যা কৰাৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বৃহস্পতিবাৰে দুপৰীয়া মাগুৰমাৰী গাঁৱৰ হেদাতুল ইছলামৰ নামৰ লোকজনৰ তিনি বছৰীয়া সন্তান ইফটিকাৰ হছেইনক একে পৰিয়ালৰ চামচুদ্দিন নামৰ লোকজনে খঙৰ ভমকত এখন কোৰে মূৰত আঘাত কৰে৷

ফলত শিশুটো গুৰুতৰভাবে আহত হৈ থিতাতে নিহত হয় যদিও শিশুটিক পৰিয়ালৰ লোকে নিকটৱৰ্তী চিকিৎসালয়লৈ নিয়াত চিকিৎসকে মৃত ঘোষণা কৰে৷ পৰৱতী সময়ত কাৱৈমাৰী আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ শিশুটোৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে৷

আনহাতে আৰক্ষীয়ে হত্যাকাৰী চামচুদ্দিনক নিজৰ ঘৰৰ পৰা আটক কৰি ৰূপহীহাট আৰক্ষী থানাৰ জিম্মাত ৰখাৰ বিপৰীতে শিশু হত্যাকাৰী চামচুদ্দিন মানসিকভাৱে বিকাৰগ্ৰস্ত বুলি স্থানীয় একাংশ লোকে সন্দেহ প্ৰকাশ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।