১১ ষ্টাৰ স্প’ৰ্টছ ক্লাবৰ উদ্যোগত মহৰিপাৰাত কেৰম প্ৰতিযোগিতা

 08/09/2019 - 18:01

ডিজিটেল ডেস্কঃ বাক্সা জিলাৰ এটি অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান ১১ ষ্টাৰ স্প’ৰ্টছ ক্লাবৰ উদ্যোগত বিগত বৰ্ষবোৰৰ দৰে এইবাৰো আগন্তুক ১৫ আগষ্টত স্বাধীনতা দিৱস উপলক্ষে এখনি প্ৰাইজমানি কেৰম খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে বুলি ক্লাবৰ সাধাৰণ সম্পাদক সমৰজ্যোতি ডেকাই জানিবলৈ দিয়ে। প্ৰতিযোগিতাখনিৰ চূড়ান্ত খেলত প্ৰথম পুৰস্কাৰ হিচাপে ৩০০০ টকা আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে ২০০০ টকাৰ লগতে একোটিকৈ ট্ৰফী প্ৰদান কৰা হ’ব।

ইতিমধ্যে খেল পৰিচালনাৰ বাবে ৰাজীৱ নাথ আৰু মুকুট কলিতাক ক্ৰমে সভাপতি আৰু সম্পাদকৰূপে লৈ এখনি অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে। সেয়েহে সমূহ ৰাইজ তথা প্ৰতিযোগীক উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ তথা সহায়-সহযোগিতা আগবঢ়াবলৈ উদ্যোক্তাসকলে আহ্বান জনাইছে। যোগাযোগ নম্বৰ ৮০১১৮০২7২৬, ৯৮৬৪২৫২৯৬১।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।