কপাহেৰা চিকিৎসালয়ত বিধায়িকা আঙুৰলতাৰ চাডেন ভিজিট

 08/09/2019 - 18:07

ধিংঃ ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ আমোল পৰিবৰ্তন কৰা বুলি সততে দাবী কৰা মহাপ্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্বৰ স্বাস্থ্যখণ্ডত চিকিৎসক অবিহনে চলিছে গ্ৰাম্য চিকিৎসালয়। বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতাৰ চাডেন ভিজিটত পোহৰলৈ আহে চিকিৎসালয়ৰ উন্নয়নৰ ফোপোলা স্বৰূপ।

বিধায়িকাগৰাকীৰ নিজ গাঁও কপাহেৰা পৰিপূৰক স্বাস্থ্য কেন্দ্ৰত পুৱাৰে পৰা পানী কেচুৱাৰ পৰা বৃদ্ধলৈকে ৰোগীৰ ভীৰ।চিকিৎসকৰ বাবে পুৱাৰে পৰা ৰোগীয়ে অপেক্ষা কৰে যদিও ১০.৩০ বজাৰ পিছতো চিকিৎসালয়খনত উপস্থিত হোৱা নাই এজনো চিকিৎসক। এই দৃশ্য প্ৰত্যক্ষ কৰি খঙত টিঙিৰি তুলা হৈ পৰে স্বয়ং বিধায়িকাগৰাকী। লগে লগে ফোন কৰে বিভাগীয় কৰ্তৃপক্ষক। কৰ্তৃপক্ষই অতি শীঘ্ৰে এজন স্থায়ী চিকিৎসক নিযুক্তি দিয়াৰ আশ্বাস প্ৰদান কৰে বিধায়িকাগৰাকীক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।