কোকৰাঝাৰত আমছুৰ অৱস্থান ধৰ্মঘট

 08/09/2019 - 18:26

কোকৰাঝাৰঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সমন্বয়ক প্ৰতীক হাজেলা গ’বেক ধ্বনিৰে কোকৰাঝাৰ উত্তাল কৰি তোলে আমছুৰ কৰ্মী বৃন্দই। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ আজি কোকৰাঝাৰ জিলা সদৌ অসম সংখ্যালঘু ছাত্র সন্থা চমুকৈ আমছুৰ উদ্যোগত কোকৰাঝাৰ শিশু উদ্যানত পুৱা দহ বজাৰ পৰা বাৰ বজালৈকে দুঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ জৰিয়তে শতাধিক আমছুৰ সদস্যই হাতে হাতে বেনাৰ, পেষ্টুন, প্লেকাৰ্ড লৈ এন আৰ চিৰ হিয়াৰিঙৰ নামত সংখ্যালঘু ৰাইজক হাৰাশাস্তি বন্ধ কৰক আদি ধ্বনিৰে আকাশ বতাহ কপাই তোলে।

উক্ত প্ৰতিবাদৰ জৰিয়তে এন আৰ চি হিয়াৰিঙৰ নামত সংখ্যালঘু ৰাইজক হাৰাশাস্তি বন্ধ কৰা, উচ্চতম ন্যায়ালয়ে ৰি-ভেৰিফিকেচন কৰিব নালাগে বুলি দিয়া নিৰ্দেশনাক উলংঘা কৰি এন আৰ চি প্ৰকাশৰ অন্তিম সময়ত ৰি-ভেৰিফিকেচনৰ নামত সংখ্যালঘু ৰাইজৰ লগত কৰি থকা ষড়যন্ত্ৰ বন্ধ কৰা, শুনানীৰ তাৰিখ আৰু স্থান উল্লেখ নকৰাকৈ জাৰি কৰা জাননীসমূহ তথা ১/২ দিন সময় দি জাৰি কৰা জাননীসমূহ বাতিল কৰি মাননীয় উচ্চতম ন্যায়ালয়ৰ অনুমোদিত SOP ৰ ৫ নং দফা অনুসৰি অতি কমেও ১৫ দিন পুৰ্বে জাননী প্ৰদান কৰা, ৩০০/৪০০ কি:মি: দূৰত্বত শুনানি অনুষ্ঠিত কৰা বন্ধ কৰি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুযায়ী নিকটৱৰ্তী অঞ্চলত শুনানি অনুষ্ঠিত কৰা আৰু এন আৰ চিৰ শুনানিলৈ যোৱাৰ সময়ত পথ দুৰ্ঘটনাত নিহত হোৱাসকলৰ নিকটাত্মীয়ক দহ লাখ টকাকৈ আৰু আহতসকলক বিনামূলীয়া চিকিৎসাৰ লগতে ৫ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰ দাবীৰে ভাৰতৰ গৃহমন্ত্ৰীলৈ জিলা উপায়ুক্তৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।