08/09/2019 - 18:42
in
মঙলদৈঃ ৰাজ্যত শেহতীয়াকৈ এনআৰচিৰ হিয়াৰিঙৰ নামত গুৰুতৰ অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি সমগ্ৰ ৰাজ্যৰ লগতে দৰঙতো আমছুৱে পালন কৰে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ। দৰঙৰ মঙলদৈ জিলা পুথিভঁৰাল প্ৰাংগণত আমছুৰ কেইবা শতাধিক নেতা-কৰ্মীয়ে পালন কৰে এই ধৰ্মঘট কাৰ্যসূচী। অসমৰ বিভিন্ন প্ৰান্তত এনআৰচিৰ হিয়াৰিঙৰ নামত বিশেষকৈ সংখ্যালঘু সম্প্ৰদায়ৰ লোকক হাৰাশাস্তি বন্ধ কৰাৰ দাবী কৰে সংগঠনটোৱে।
আমছুৱে এনআৰচিৰ শুনানিলৈ যোৱাৰ সময়ত পথ দুৰ্ঘটনাত নিহত পৰিয়ালক ১০ লাখ আৰু আহত পৰিয়ালক বিনামূলীয়া চিকিৎসাৰ লগতে ৫ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ দাবী উত্থাপন কৰে সংগঠনটোৱে। লগতে প্ৰতীক হাজেলাক উচ্চতম ন্যায়ালয়ৰ নিয়ম মতে কাম কৰিবলৈ দাবী জনায়।