'নোটবুকে' লগাইছে খলকনি

 03/30/2019 - 17:12

ডিজিটেল ডেস্ক: ছলমান খান প্ৰডাকছনৰদ্বাৰা নিৰ্মিত বলিউড ছবি 'নোটবুকে' বক্স অফিচত দেখুৱাইছে সুন্দৰ ফলাফল। জানিব পৰা মতে, কালি ছবিখনে মুক্তি লাভ কৰাৰ দিনাই ১.৫ ৰপৰা ২ কোটিৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। ছবিখনে ১ কোটি টকাৰ ব্যৱসায় কৰিব বুলি আশা কৰা হৈছিল। 

সেই ফালৰপৰা চাবলৈ গ'লে ছবিখনে যথেষ্ঠ ভাল আৰম্ভণি কৰিছে বুলি ক'ব পাৰি। এই ছবিখনত বলিউডৰ প্ৰাক্তন অভিনেত্রী নুটনৰ নাতিনী প্ৰনুটনে অভিনয় কৰিছে। লগতে প্ৰনুটৰ বিপৰীতে অভিনয় কৰিছে জহীৰ ইকবালে।দুয়োগৰাকীৰে এইখন প্ৰথম ছবি। ছবিখনৰ নিৰ্দেশনা নিতিন কক্কড়ৰ। 

ছলমান খান,মুৰাদ খেটানী আৰু অশ্বিন ৱাৰ্ডি ছবিখনৰ নিৰ্মাতাৰ দায়িত্বত আছে। ছবিখনে দৰ্শকৰ যথেষ্ঠ সঁহাৰি লাভ কৰিছে। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।