নাজিৰাঃ শিৱসাগৰ জিলাৰ ডিমুৱালত অৱস্থিত জাতীয় বিদ্যালয় বিদ্যাভৱন ডিমুৱালে ২০১৯ বৰ্ষৰ ৬ ফেব্ৰুৱাৰীত ২৫ টা গৌৰৱোজ্জ্বল বৰ্ষ অতিক্ৰম কৰিলে। বিদ্যাভৱন ডিমুৱালৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি এলানি গীত আৰু নৃত্য প্ৰতিযোগিতা দুদিনীয়া কায্যসূচী ৭ আৰু ৮ ছেপ্টেম্বৰত বিদ্যাভৱন ডিমুৱালৰ প্ৰেক্ষাগৃহত আয়োজন কৰিছে।
সমবেত সংগীত, একক গীত পৰিবেশন, সৃষ্টিশীল দলীয় নৃত্য আৰু সত্ৰীয়া নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাৰ নাম ভৰ্ত্তিৰ শেষ তাৰিখ ৫ ছেপ্টেম্বৰ। প্ৰতিটো প্ৰতিযোগিতাৰ প্ৰথম তিনি গৰাকী বিজয়ী প্ৰতিযোগীক বিভিন্ন ব্যক্তিৰ সোঁৱৰণিত নগত ধন, মানপত্ৰ প্ৰদান কৰা হ’ব। লগতে প্ৰতিটো প্ৰতিযোগিতাত ৩টাকৈ উদগণিমূলক বঁটা থাকিব। প্ৰতিযোগীসকলে বয়সৰ প্ৰমাণ পত্ৰ জমা দিয়াটো বাধ্যতামূলক।
উদযাপন সমিতিৰ সভাপতি দিলীপ শইকীয়া আৰু সম্পাদকদ্বয় দিব্যকমল ফুকন, ধৰ্ম ফুকনে উজনি অসমৰ সমূহ শিক্ষা অনুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলক উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলৈ সংবাদ মাধ্যমৰ যোগেদি অনুৰোধ জনাইছে। লগতে উল্লেখ কৰে যে প্ৰতিযোগিতাত বিজয়ী প্ৰতিযোগীসকলক বিদ্যাভৱন ডিমুৱালৰ ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠান ২০২০ চনৰ ৬ ফেব্ৰুৱাৰীৰ মুকলি সভাত প্ৰদান কৰা হ’ব। অধিক জানিবৰ বাবে ৯৩৬৫৩৩৬৮৮৯, ৭০০২৬৮৯৬৩৯ নম্বৰত যোগাযোগ কৰিব পাৰিব।