শদিয়া কংগ্ৰেছত পুনৰ খহনীয়াঃ কাকপথাৰত কংগ্ৰেছৰ নেতা-কৰ্মীৰ বিজেপিত যোগদান

 08/09/2019 - 19:32

কাকপথাৰঃ কংগ্ৰেছ দলটোক যেন লগ এৰা নাই বিপৰ্যয়ে৷ পুনৰ খহনীয়া আৰম্ভ হ’ল শদিয়া সমষ্টিৰ কংগ্ৰেছ নেতা কৰ্মীৰ মাজত৷ ভাৰতীয় যুৱ কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱসৰ দিনাই অৰ্ধ শতাধিক নেতা-কৰ্মীয়ে কংগ্ৰেছ দল ত্যাগ কৰি পৰিধান কৰিলে গেৰুৱা বসন৷ শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়া, তিনিচুকীয়া জিলা পৰিষদৰ সভাপতি ললিত মৰাণৰ উপস্থিতিত আজি কাকপথাৰ পৰিদৰ্শন বাংলোত অনুষ্ঠিত হোৱা যোগদান সভাত কংগ্ৰেছৰ ছৈখোৱা মণ্ডলৰ সাধাৰণ সম্পাদক ক্ৰমে অমল বড়া আৰু বসন্ত দুৱৰাৰ নেতৃত্বত কেইবাজনো ৱাৰ্ড সদস্যসহ অৰ্ধ শতাধিকে বিজেপিত যোগদান কৰে৷

বিজেপিৰ বৰ্তমান উন্নয়নমূলক কামৰ লগতে দলটোৰ নীতি, আৰ্দশৰ প্ৰতি আকৃষ্ট হৈ বিজেপি দলত যোগদান কৰাৰ কথা জানিবলৈ দিয়ে লগতে শদিয়া সমষ্টিত কংগ্ৰেছৰ কিছু নেতাৰ একনায়কত্ববাদ, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক বিৰিঞ্চি নেওগৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিত অতিষ্ঠ হৈ দল ত্যাগ কৰা বুলি জানিবলৈ দিয়ে সদ্য ত্যাগী কংগ্ৰেছ কৰ্মীসকলে৷ আজিৰ সভাত স্থানীয় বিধায়ক, তিনিচুকীয়া জিলা পৰিষদৰ সভাপতিকে ধৰি যুৱ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য সুৰজিৎ মৰাণ, বিধায়কৰ ব্যক্তিগত সহায়ক সীমান্ত মৰাণো উপস্থিত থাকে৷

উল্লেখ্য যে বিগত কিছুদিনৰ পৰা শদিয়া যুৱ মৰ্চাৰ একাংশ নেতাই ছিণ্ডিকেট আৰম্ভ কৰা বুলি সংবাদ মাধ্যমত ধাৰাবাহিকভাৱে বাতৰি প্ৰকাশ পাই অহাৰ বিষয়ে বিধায়ক বলিন চেতিয়াৰ পৰা জানিব বিচৰাত তেখেতে সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ দৰে কোনো বিজেপি নেতাই ছিণ্ডিকেটত জড়িত নহয় বুলি স্পষ্টকৈ জানিবলৈ দিয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।