পুত্ৰ-বোৱাৰীৰ নিৰ্যাতন সহিব নোৱাৰি আত্মহনন পিতৃৰ

 08/09/2019 - 19:38

নলবাৰীঃ নলবাৰীৰ গোহাইপাৰাত সংঘটিত এক ঘটনাই সমগ্ৰ জিলাখনকে জোকাৰি গ’ল। পুত্ৰ-বোৱাৰীৰ নিৰ্যাতন সহিব নোৱাৰি নিজ ঘৰৰ বাথৰূমত চিপ ল’লে এজন সত্তৰোৰ্ধ্বৰ বৃদ্ধ ঘনেশ্যাম হালৈয়ে। নিজৰে কুলাংগাৰ পুত্ত অচ্যুৎ হালৈয়ে দীৰ্ঘদিন ধৰি শাৰিৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলাই আহিছিল নিজৰ পিতৃক আৰু আজি উপায়ন্তৰ হৈ বাথৰূমতে চিপ লৈ আত্মহননৰ পথ বাছি লয় বুলি জানিব পৰা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।