বিজেপিত যোগদান প্ৰাক্তন কংগ্ৰেছী ভূৱনেশ্বৰ কলিতাৰ

 08/09/2019 - 19:50

ডিজিটেল ডেস্কঃ বিজেপিত যোগদান প্ৰাক্তন কংগ্ৰেছৰ সাংসদ ভূৱনেশ্বৰ কলিতাৰ। শুকুৰবাৰে নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলৰ উপস্থিতিত বিজেপিৰ মুখ্য কাৰ্যালয়ত আনুষ্ঠানিকভাৱে যোগদান কৰে বিজেপিত। যোৱা ৫ আগষ্টত সংবিধানৰ ৩৭০ ধাৰাৰ বিলুপ্তিকৰণৰ প্ৰসংগক লৈ মত বিৰোধ থকাৰ বাবে ৰাজ্যসভাৰ পৰা পদত্যাগ কৰিছিল কংগ্ৰেছৰ সাংসদগৰাকীয়ে।

উল্লেখ্য যে সাংসদগৰাকীয়ে ৰাজ্যসভাৰ পৰা পদত্যাগ কৰাৰ পাছতে এখন সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কলিতাক সুবিধাবাদী আখ্যা দিছিল। কলিতাই বিজেপিত যোগ দিলে সদ্যঘোষিত ২ কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখ আৰু জম্মু-কাশ্মীৰৰ উপৰাজ্যপাল ৰূপে নিযুক্তি দিব বুলিও দলৰ ভিতৰ চৰাত চৰ্চা চলিছিল।

ভাৰতীয় জনতা পাৰ্টিৰ পৰা লাডাখৰ ৰাজ্যপালৰ পদ লাভ কৰাৰ সেউজ সংকেত পোৱাৰ পাছতেই তেওঁ ৰাজ্যসভাৰ সাংসদৰ পদ এৰি শুকুৰবাৰে যোগ দিলে বিজেপিত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।