ভোটদানৰ দিনটোত এশবছৰ অতিক্ৰম কৰা ভোটাৰে লাভ কৰিব বিশেষ সুবিধা

 03/30/2019 - 17:26

বৰনৰ্দ্দীঃ লোকসভা নিৰ্বাচনলৈ আৰু বেছি দিন নাই।নলবাৰী জিলাৰ জিলা প্ৰশাসনে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে এক উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিছে।

জিলা প্ৰশাসনে অহা ১৮ এপ্ৰিলৰ ভোটগ্ৰহণৰ দিনটোত জিলাখনৰ তিনিওটা বিধানসভা সমষ্টিৰ এশ বছৰ অতিক্রম কৰা ভোটাৰসকলক অনা-নিয়াৰ ব্যৱস্থা কৰিব।

তায়ু গৰকা ভোটাৰসকলে যাতে কোনো অসুবিধা নোহোৱাকৈ নিৰ্বাচনৰ দিনটোত ভোটদান কৰিব পাৰে তাৰ বাবে উক্ত দিনটোত তেখেতসকলৰ বাবে এই সুবিধা প্ৰদান কৰা হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।