ধুবুৰী জিলাৰ নয়াহাটত দুই শিশুৰ সলিল সমাধি

 08/09/2019 - 20:12

গৌৰীপুৰঃ বিলাসীপাৰা মহকুমা তথা নয়াহাট উপ-আৰক্ষী চকীৰ অন্তৰ্গত চালবান্দা গাঁৱত আজি দুপৰীয়া দুই শিশুৰ সলিল সমাধি ঘটে। ঘটনাৰ বিৱৰণি মতে বৰকান্দা পিপলচ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত দুয়োটি শিশুৱে ঘৰৰ পিছফালে বানৰ পানী জমা হৈ থকা দ ঠাইত পৰি যোৱাত একেলগে দুয়োৰে মৃত্যু হয়।

শিশু দুটি উল্লিখিত গাঁৱৰ আনোৱাৰ আলীৰ কন্যা আবিদা পাৰবিন (১১) আৰু একে চালবান্দা গাঁৱৰে সাফিদুল ইছলামৰ কন্যা মনজুমা বেগম (১২)। ইয়াৰ পৰিপ্ৰেক্ষিতত স্থানীয় সচেতন ৰাইজে অসমৰ বানপানীৰ সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা বুলি ঘোষনাৰ কৰাৰ লগতে উক্ত পৰিয়াল দুটাই যাতে চৰকাৰৰ তৰফৰ পৰা উপযুক্ত ক্ষতিপূৰণ পায় তাৰবাবে প্ৰশাসনক অনুৰোধ জনায়। ইতিমধ্যে দুয়োজনীকে মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।