08/09/2019 - 20:41
in
হাউলীঃ আগন্তুক স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজৰ মাজত শান্তি শৃংখলা অটুট ৰখাৰ স্বাৰ্থত বৰপেটা জিলা আৰক্ষী অধীক্ষকৰ উদ্যোগত আৰু হাউলী আৰক্ষী থানাৰ সহযোগত আজি আবেলি ৪ বাজি ৩০ বজাত সেনা বাহিনীৰ দ্বাৰা ফ্লেগমাৰ্চ ৰূপায়ণ কৰে। জিলাখনত থকা সেনাৰ বিভিন্ন কোম্পানীৰ দুই শতাধিক জোৱানে ফ্লেগমাৰ্চত অংশগ্ৰহণ কৰে।
হাউলী ৰাস মন্দিৰৰ পৰা আৰম্ভ কৰি থানা ৰোড হৈ হাউলী নগৰৰ চোকে-কোণে ফ্লেগমাৰ্চ কৰে। সেনা জোৱানৰ উক্ত ফ্লেগমাৰ্চত বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক ড০ ৰবিন কুমাৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক পংকজ কুমাৰ কাকতি, হাউলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ দাসসহ সেনা বাহিনীৰ উচ্চ পদস্থ বিষয়াসকলে অংশগ্ৰহণ কৰে।