বঙাইগাঁৱত ১০৮ গাড়ীৰ অভাৱত ব্যক্তিৰ অকাল মৃত্যু হোৱাৰ অভিযোগ

 08/09/2019 - 20:55

মাণিকপুৰঃ বঙাইগাঁও জিলাৰ কীৰ্ত্তনপাৰা স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত তিলপুখুৰী গাঁৱৰ ছলমান আলী নামৰ লোকজনে ১০৮ গাড়ীৰ অভাৱত অকাল মৃত্যুত সাৱটি ল’বলগীয়া হোৱাৰ অভিযোগ উঠিছে। জানিব পৰা মতে বৃহস্পতিবাৰে তিলপুখুৰী গাঁৱৰ ছুলেমান আলী হঠাতে অসুস্থ হৈ পৰাত গাঁৱৰ বহুলোকে ১০৮ গাড়ীক ফোন কৰে যদিও কোনো ধৰণৰ সঁহাৰি নোপোৱাত ঠেলাগাড়ীৰে কীৰ্ত্তনপাৰা স্বাস্থ্য কেন্দ্ৰলৈ আহে।

ৰোগীৰ অৱস্থা অধিক সংকটজনক হোৱাত ততাতৈয়াকৈ ব্যক্তিগত বাহনেৰে বঙাইগাঁৱলৈ লৈ যায় যদিও আধাবাটতে লোকজনৰ মৃত্যু হয়। পৰিৱৰ্তনৰ ঢাক-ঢোল বজোৱা স্বাস্থ্য বিভাগৰ এনে কাণ্ডক স্থানীয় ৰাইজে ধিক্কাৰ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।