কোন হ’ব কংগ্ৰেছৰ নতুন অধ্যক্ষ

 08/10/2019 - 15:25

ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ নতুন অধ্যক্ষ নিৰ্বাচনৰ বাবে শনিবাৰে দিল্লীত কংগ্ৰেছ ৱৰ্কিং কমিটীৰ বৈঠক আৰম্ভ হয়। এই বৈঠকত ৰাহুল গান্ধী, ছোনিয়া গান্ধী আৰু মনমোহন সিঙৰ লগতে কংগ্ৰেছৰ বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে ৰাহুল গান্ধীৰ পদত্যাগৰ পিছত নতুন অধ্যক্ষ নিৰ্বাচন কৰাতো দলটোৰ বাবে কঠিন হৈ পৰিছে।

জানিব পৰা মতে গান্ধীৰ পৰিয়ালে এনে এজন ব্যক্তিক কংগ্ৰেছৰ অধ্যক্ষ হিচাপে নিৰ্বাচন কৰিব বিচাৰিছে যাৰ ৰাজনৈতিক জগতখনৰ অধিক অভিজ্ঞতা আছে। সেই অনুসৰি মুকুল বাছনিক নতুন অধ্যক্ষৰূপে নিৰ্বাচন কৰা হ’ব বুলি আশংকা কৰা হৈছে। উল্লেখ্য যে মুকুল বাছনিক দীৰ্ঘদিন ধৰি মহা সচিব হিচাপে কংগ্ৰেছ দলত কাম কৰি আহিছে। লগতে তেওঁ ৰাজীৱ গান্ধীৰ ফাউণ্ডেচনৰ সদস্যও আছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।