08/10/2019 - 15:58
in
কামপুৰঃ এচাম বন কৰ্মীৰ সহযোগত দীৰ্ঘদিন ধৰি মুক্ত মনে পাহাৰৰ মূল্যৱান কাঠ আনি ৰমৰমীয়া ব্যৱসায় চলাই যোৱা কামপুৰৰ ধৰমুখ আৰু চেঙাজানৰ চফিকুল ইছলাম আৰু মুছলিম উদ্দিনৰ কাঠ মিল দুটা বন বিভাগে জব্দ কৰে। অৱশ্যে ঈছৱ আলি নামৰ লোকজনে আন এটা মিল লৈ পলায়ন কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে কামপুৰ বন বিভাগে শনিবাৰে পুৱাৰ পৰা এক অভিযান চলাই কামপুৰ শালমৰা আৰু চেঙাজান ধৰমুখত দুটাকৈ কাঠফলা মিল জব্দ কৰিবলৈ সক্ষম হয়৷ একাংশ চোৰাং ব্যৱসায়ীয়ে অবৈধভাৱে কাঠফলা মিলসমূহ চলাই পাহাৰৰ মূল্যবান গছ ফালি ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল৷ কামপুৰ আঞ্চলিক বন বিষয়া বিনোদ বিহাৰী সিংহৰ নেতৃত্বৰ যোৱা এটা বন বিভাগৰ দলে জব্দ কৰিবলৈ সক্ষম হয় দুটাকৈ কাঠফলা মিল আৰু কিছু ফালি থোৱা কাঠ৷