পল্লৱ ছাৰে চাহ শ্ৰমিকৰ ঘৰত যিমানবাৰ পানী খাইছে, তাতোকৈ বেছি মই ভাত খাইছোঃ ভানু

 03/30/2019 - 18:21

তেজপুৰঃ সমাগত লোকসভা নিৰ্বাচন। ৰাজনৈতিক দলসমূহৰো নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। ইয়াৰ মাজতে ইটো দলে সিটো দলৰ প্ৰাৰ্থীক কটাক্ষ কৰিবলৈও এৰা নাই। সৌসিদিনা বিজেপিৰ তেজপুৰ সমষ্টিৰ প্ৰাৰ্থী পল্লৱ লোচন দাসে কংগ্ৰেছ প্ৰাৰ্থী এম জি ভি কে ভানুক লৈ সৃষ্টি কৰিলে ‘ছাৰ’ বিতৰ্কৰ। পল্লৱ লোচন দাসে এম জি ভি কে ভানু সন্দৰ্ভত মন্তব্য কৰি কৈছিল-আই এ এছ বিষয়াগৰাকীয়ে তেওঁক মাতে ছাৰ বুলি। তেওঁ মন্ত্ৰী হৈ থকা বিভাগৰে আয়ুক্ত সচিব আছিল এম জি ভি কে ভানু। অৱসৰৰ দিনাও ছাৰ বুলি সম্বোধন কৰিয়েই এৰিছিল কাৰ্যালয়। দাসৰ এই কথাত ফুটি উঠিছিল অহংকাৰৰ সুৰ।

ভানুক ‘বুঢ়া গৰু’ আখ্যা দিও পল্লৱ লোচনে ৰাইজৰ গৰিহনা খাইছিল। মন্ত্ৰীগৰাকীৰ এই মন্তব্যক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। এম জি ভি কে ভানুও ৰৈ থকা নাই এই ক্ষেত্ৰত। ‘পল্লৱ ছাৰে চাহ শ্ৰমিকৰ ঘৰত যিমানবাৰ পানী খাইছে, তাতোকৈ বেছি মই ভাত খাইছো।’ বিজেপিৰ তেজপুৰ সমষ্টিৰ প্ৰাৰ্থী পল্লৱ লোচন দাসক ‘ছাৰ’ সম্বোধন কৰি এম জি ভি কে ভানুয়ে বিপক্ষ প্ৰাৰ্থীজনক কৰিলে কটাক্ষ। ‘দিল্লীলৈ যোৱা পল্লৱ ছাৰৰ ক্ষমতা নাই বুলিও কয় ভানুৱে। সকলোৱে তেওঁক ইয়াতে ছাৰ বুলি মাতিছে, সেয়েহে ইয়াতে থাকক পল্লৱ ছাৰ।’ শোণিতপুৰৰ মিছামাৰীত কংগ্ৰেছ প্ৰাৰ্থী এম জি ভি কে ভানুয়ে এনেদৰেই পল্লৱ লোচনক দিলে ‘ছাৰ’ বিতৰ্কৰ যোগ্য প্ৰত্যুত্তৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।