এজনৰ পাছত আন এজন নেতাৰ কংগ্ৰেছ ত্যাগ কৰি বিজেপি গমণ

 08/10/2019 - 17:54

ডিজিটেল ডেস্কঃ পুনৰ কংগ্ৰেছত খহনীয়া। ভূৱনেশ্বৰ কলিতাৰ পাছত এইবাৰ আন এজন কংগ্ৰেছৰ ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ শান্তিয়ুছ কুজুৰে পদত্যাগ কৰিছে। মোদী-অমিত শ্বাহৰ শেহতীয়া কিছুমান সিদ্ধান্তই বাৰুকৈয়ে আকৰ্ষিত কৰিছে আন আন ৰাজনৈতিক দলসমূহৰ নেতাসকলক।

কংগ্ৰেছৰ এই খহনীয়াৰ বাবে প্ৰকৃততে এই নেতাসকলে কংগ্ৰেছৰ ভিতৰ চ’ৰাত লগা খাম-খেয়ালিৰ বাবেই নে ক্ষমতাৰ ৰাগীত গেৰুৱা বসন পিন্ধিছে তাক লৈ সচেতন মহলত উত্থাপন হৈছে বহু প্ৰশ্নৰ। আনহাতে দেওবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ ৩ হাই প্ৰফাইল কংগ্ৰেছী তথা বৰাকৰ ৰজাখ্যাত গৌতম ৰয় আৰু সপত্নীক ভৰত নৰহে গেৰুৱা বসন পৰিধান কৰিব বুলি ইতিমধ্যে স্পষ্ট হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।