ভূৰাগাঁৱৰ অগ্নিকাণ্ডত সৰ্বস্বান্ত হোৱা পৰিয়ালক সাহাৰ্য প্ৰদান

 03/30/2019 - 18:37

লাহৰীঘাট: মৰিগাঁও জিলাৰ ভূৰাগাঁও ৰাজহচক্ৰৰ অন্তৰ্গত শিৱবাৰীত কালি সংঘটিত হোৱা বিধ্বংসী অগ্নিকাণ্ডৰ ফলত প্ৰায় অৰ্ধশতাধিক পৰিয়ালৰ বাসগৃহ ভস্মীভূত হয়। লগতে বহু লক্ষাধিক টকাৰ সা-সামগ্ৰী আৰু বহু গুৰুত্বপূৰ্ণ নথি পত্ৰ সম্পূৰ্ণৰূপে জুইত জাহ যায়।

উল্লেখ্য যে, বিধ্বংসী অগ্নিকাণ্ডত সৰ্বস্ৰান্ত হোৱা পৰিয়ালকেইটা ভূৰাগাঁও ৰাজহচক্ৰৰ অন্তৰ্গত পাভকাটিত হোৱা ব্ৰহ্মপুত্ৰৰ খহনীয়াত নিজৰ সৰ্বস্ব হেৰুৱাই শিৱবাৰীৰ মথাউৰিত কোনোমতে জীৱন নিৰ্বাহ কৰি আহিছিল।

সম্প্ৰতি অগ্নিকাণ্ডটোত সকলো হেৰুৱাই সম্বলহীন হৈ পৰা পৰিয়ালকেইটাৰ কণ-কণ শিশুৰ পৰা আৰম্ভ কৰি ৮০ঊৰ্ধ্বৰ বৃদ্ধ লোকসকলেও মুকলি আকাশৰ তলত বসবাস কৰিবলগা গৈছে।

আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভূৰাগাঁও আঞ্চলিক সমিতিৰ সভাপতি লম্বোদৰ বৰা, সম্পাদক বিকাশ নাথ, সহঃ সাধাৰণ সম্পাদক দিলদাৰ হুছেইন, উপদেশ দীপাংকৰ পাল আৰু দীপু কুমাৰ নাথে সৰ্বস্বান্ত পৰিয়ালকেইটাৰ বুজ লৈ তেওঁলোকৰ মাজত চিৰা, বিস্কুট, চেনি আদি খাদ্যসামগ্ৰী বিতৰণ কৰাৰ লগতে ছাত্র-ছাত্ৰীসকলৰ মাজত কলম, বহী ইত্যাদি বিতৰণ কৰে।

সভাপতি লম্বোধৰ বৰাই মৰিগাঁও জিলাৰ সমূহ দল-সংগঠনৰ লগতে ৰাইজক এই পৰিয়ালকেইটাক সহায় কৰিবলৈ আহ্বান জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।