মুকালমুৱাত ভয়ংকৰ পথ দুৰ্ঘটনাঃ নিহত ১, আহত ৬

 08/10/2019 - 20:00

মুকালমুৱাঃ মুকালমুৱাৰ চান্দাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। হাজো দৌলাশাল পথত সংঘটিত হয় এই দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথচাৰীক মহতিয়াই পথৰ দাঁতিত বাগৰি পৰে যাত্ৰীবাহী ট্ৰেভেলাৰ৷ গুৱাহাটীৰ পৰা বৰপেটা অভিমুখী আছিল ট্ৰেভেলাৰখন। প্ৰায় ২০ জন যাত্ৰী কঢ়িয়াই আনিছিল ট্ৰেভেলাৰখনে।

দুৰ্ঘটনাটোৰ ফলত এজন নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় যুৱতী, মহিলা, শিশুকে ধৰি কেইবাজনো যাত্ৰী। পথচাৰী গোকুল হালৈ (৬২)ক মুকালমুৱা চিকিৎসালয়ত মৃত ঘোষণা কৰে চিকিৎসকে। আহত আটাইকেইজনক মুকালমুৱা চিকিৎসালয়ত ভৰ্তি কৰায়। দুৰ্ঘটনাগ্ৰস্ত ট্ৰেভেলাৰখনৰ নম্বৰ AS-25AC-0672।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।