যোৰহাটৰ ভোগদৈ মথাউৰিৰ ছিগা অংশ পৰিদৰ্শন জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ

 08/10/2019 - 20:29

যোৰহাটঃ যোৰহাট জিলাৰ জিলাৰ উপকণ্ঠৰ উত্তৰ-পশ্চিম যোৰহাটৰ ভোগদৈ মথাউৰিৰ ছিগা অংশ আজি পৰিদৰ্শন কৰে ৰাজ্য চৰকাৰৰ জলসম্পদ মন্ত্রী কেশৱ মহন্তই। অঞ্চলটোৰ মালৌখাত গাঁৱৰ সমিপৰ ভোগদৈ নদীৰ মাথাউৰিটোৰ এক বৃহৎ অংশ নদীৰ প্ৰথমটো বাঢ়নী পানীয়ে উটুৱাই নিয়াৰ পাছত দ্বিতীয় বাৰৰ বাবে পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লয়। উল্লেখ্য যে বৰ্তমান ছিগা অংশত জিঅ' বেগৰ কাম অব্যাহত আছে।

৮০ লক্ষ টকাৰে চলি থকা জিঅ' বেগৰ কামৰ বুজ লৈ মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান সময়ত এই ছিগা অংশ নিৰ্মাণ কৰা অসম্ভৱ যদিও বৰিষা যোৱাৰ লগে লগেই নিৰ্মান সম্পূৰ্ণ হ’ব আৰু ছিগা অংশৰ বাবে ৪ কোটি ৯৫ লাখ টকাৰ এক আঁচনি তৈয়াৰ কৰা হৈছে।

মন্ত্ৰীগৰাকীৰ এই পৰিদৰ্শন কালত দেৰগাঁও সমষ্টিৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালী, যোৰহাট জিলা উপায়ুক্ত অপৰাঞ্জী কাৰাতি, জলসম্পদ বিভাগৰ কায্যকৰী অভিযন্তা দিগন্ত শৰ্মা আৰু গড়কাপ্টানি বিভাগৰ কাৰ্যকৰী অভিযন্তাৰ লগতে পঞ্চায়তৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।