বটদ্ৰৱাৰ গৌৰীনাথ মন্দিৰত শাওণীয়া শিৱ মহাপূজা-ৰুদ্ৰ মহা যজ্ঞৰ শুভাৰম্ভ

 08/10/2019 - 20:59

বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ পুৰাণ প্ৰসিদ্ধ চকলাঘাট সোনাই পাৰ গৌৰীনাথ মন্দিৰত বিগত বছৰৰ দৰে এইবাৰো ২০ সংখ্যক শাওণীয়া শিৱ মহাপূজা আজিৰ পৰা আৰম্ভ হৈছে। আজি পুৱা ৬ বজাত ব্ৰাহ্মণ বৰণ, সংকল্প, জপ যজ্ঞ আৰু নান্দী শ্ৰাদ্ধ, ৭ বজাত ধৰ্মধ্বজা উত্তোলন আৰু বন্তি প্ৰজ্বলনৰ পাছত ৮ বজাত যজ্ঞ ধ্বজা উত্তোলন কৰে বিশিষ্ট সমাজকৰ্মী ব্ৰজেন কাকতিয়ে।

৯ বজাত বৰ্ণাঢ্য জলৰোহন শুভাৰম্ভ কৰে বটদ্ৰৱা বিধান সভা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই। পাছত ১১ বজাত ক্ষেত্ৰপাল পূজা, ১২ বজাত বিষ্ণু সহস্ৰনাম, গনেশ পূজা, গৌৰী পূজা, ১ বজাত ৰুদ্ৰ মূৰ্ত্তিৰ প্ৰাণ প্ৰতিষ্ঠা আৰু অভিষেক, বিয়লি ৩ বজাৰ পৰা যজ্ঞ আৰম্ভ হয়।

১১ আগষ্টত জপ যজ্ঞ, মণ্ডল পূজা, কুণ্ড সংস্কাৰ, আদি বিভিন্ন কাৰ্য্যসূচীৰ অন্তত ১২ আগষ্টৰ পুৱা নিত্য পূজা, মহা ৰূদ্ৰ ষোড়ষো প্ৰচাৰ পূজন, আহুতি প্ৰদানৰ পাছত ১২ বজাত পূৰ্ণাহুতি, ১ বজাত শাওণীয়া শিৱ পূজা আৰু সন্ধ্যা ৬ বজাত অনুষ্ঠিত হ’ব লগীয়া মহা আৰতিৰে কাৰ্যসূচীৰ সামৰণি পৰিব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।