মানকাচৰঃ দক্ষিণ শালমাৰা মানকাচৰ জিলা কংগ্ৰেছ, ফেকামাৰী ব্লক কংগ্ৰেছ আৰু মানকাচৰ ব্লক কংগ্ৰেছৰ সৌজন্যত হাটশিঙিমাৰী মহামায়া নগৰস্থিত ৰাজীৱ ভৱনত আজি আবেলি দুই বজাত ৭৭ সংখ্যক ভাৰত ত্যাগ দিৱস উদযাপন কৰে৷ ফেকামাৰী ব্লক কংগ্ৰেছ সভাপতি দুলাল চন্দ্ৰ শ্বাহাই বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ কাম আৰাম্ভ কৰে আৰু ভাৰত ত্যাগ আন্দোলন মুখ্য মহামানৱ মহাত্মা গান্ধী আৰু গান্ধীজীৰ সতীৰ্থসকলক শ্ৰদ্ধা জ্ঞাপন কৰে৷ উল্লেখ্য যে ১৯২১ চনৰ পৰাই সংগঠিত ৰুপত গঢ় লোৱা এই সংগ্ৰাম ক্ৰমান্বয়ে তীব্ৰতৰ হৈ আহি ১৯৪২ চনত চূড়ান্ত পৰ্যায়ত উপনীত হৈছিলহি।
স্বাধীনতা আন্দোলনক চূড়ান্ত পৰ্যায়ত উপনীত কৰা বিয়াল্লিছৰ গণ আন্দোলনটো দৰাচলতে আছিল সুদীৰ্ঘ স্বাধীনতা আন্দোলনৰ ক্ৰমবিকাশৰেই ফল। ১৯৪২ চনৰ ৮ আগষ্টৰ দিনা বোম্বাই চহৰত নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে ভাৰত ত্যাগ আন্দোলনৰ বৈপ্লৱিক প্ৰস্তাৱ গ্ৰহণ কৰি বিদেশী শাসনত চৰম আঘাত হানিবলৈ জনগণক উদ্বেলিত কৰি তুলিলে।গান্ধীজীয়ে ভাৰতৰ স্বাধীনতাৰ এয়েই শেষ আন্দোলন বুলি ব্ৰিটিছক ‘ভাৰত ত্যাগ’ৰ বাণীৰে সকীয়নি দিলে।
১৯৪২ চনৰ ‘ভাৰত ত্যাগ’ আন্দোলনৰ আৱেগিক গভীৰতা আৰু অভুতপুৰ্ব জনজাগৰণত স্বত:স্ফুৰ্ত প্ৰকাশৰ গতি-বিধি লক্ষ্য কৰি ব্ৰিটিছ সিংহৰ মুঠি ঢিলা হৈ পৰিল। ব্ৰিটিছ চৰকাৰে ভাৰত এৰি যাবলৈ সিদ্ধান্ত ল’লে। অৱশেষত ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনা ভাৰতে বহু আকাংক্ষিত স্বৰাজ লাভ কৰে। সেই সময়ৰে পৰা আজি দিনটো ভাৰত ত্যাগ দিৱস হিচাপে পালন কৰি আহিছে৷ আজিৰ এই অনুষ্ঠানত প্ৰায় শতাধিক কংগ্ৰেছ কৰ্মী উপস্থিত থাকি ভাৰত ত্যাগ দিৱস পালন কৰে।