চামগুৰিত 'কুঁহি টি-বাৰ’ মুকলি

 08/11/2019 - 14:10

চামগুৰিঃ গ্ৰীষ্মকালীন প্ৰচণ্ড গৰমৰ মাজত শীতল পানীয়, দাবৰ পানী আদিয়ে নিশ্চয় আপোনাৰ শৰীৰটোক যথেষ্ট প্ৰশান্তি প্ৰদান কৰে। কিন্তু তাৰ বিপৰীতে চলিত প্ৰচণ্ড উত্তাপৰ মাজতে নগাঁও জিলাৰ ভিতৰতে পোনপ্ৰথম বাৰৰ বাবে চামগুৰিত থলুৱা বহু কেইবিধ চাহৰ জুটি ল’ব পৰাকৈ শুভাৰম্ভ হ'ল এখন টি-বাৰৰ। চামগুৰি হেমাৰবড়ীত ৩৭নং ৰাষ্ট্ৰীয় ঘাইৰ কাষতে অসম চাহ নিলাম কেন্দ্ৰৰ উপদেষ্টা বিদ্যানন্দ বৰকাকতিয়ে ফিটা কাটি শুভাৰম্ভ কৰা "কুঁহি টি-বাৰ" নামৰ অত্যাধুনিক বিপনীখনৰ শুভাৰম্ভণি অনুষ্ঠানটোত আনুষ্ঠানিকভাৱে অভ্যৰ্থনা জনাই নগাঁৱৰ জিলা কৃষি বিষয়াগৰাকীক, ষ্টেট বেংকৰ চামগুৰি শাখাৰ প্ৰবন্ধকগৰাকীকে ধৰি বৃহত্তৰ অঞ্চলটোৰ একাংশ গণ্য-মাণ্য ব্যক্তিক।

টি-বাৰখনত গ্ৰাহকে দিনটোৰ সকলো সময়তে অসমত উৎপাদিত বহুবিধ থলুৱা চাহৰ লগতে গ্ৰীন-টি, ব্লু-টি, য়েল্ল'-টি আৰু ব্লেক-টি আদি সেৱন অথবা ক্ৰয় কৰি নিবৰ বাবে উপলব্ধ থকাৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে স্বত্বাধিকাৰীগৰাকীয়ে। ইফালে এনে ধৰণৰ টি-বাৰে গ্ৰাহকৰ মাজত থলুৱা চাহৰ চাহিদা বৃদ্ধি কৰাৰ লগতে ক্ষুদ্ৰ চাহ খেতিয়কসকলকো কিছু পৰিমাণে সকাহ দিব পৰা যাব বুলি উল্লেখ কৰে উপস্থিত বিশিষ্ট অতিথি কেইগৰাকীয়ে।

বহুকেইটা ৰোগৰ পৰা উপশম পাবৰ বাবে অসমত উৎপাদিত বিভিন্ন বিধ চাহ সেৱন কৰিলে যে সুফল পোৱা যায়, সেই কথা লাহে-লাহে মানুহে বুজি পোৱা হৈ উঠাৰ সময়তে নগাঁৱৰ চামগুৰিৰ দৰে অঞ্চলত এনে ধৰণৰে জিলাখনৰ ভিতৰতে পোনপ্ৰথম বাৰৰ বাবে এখন অত্যাধুনিক টি-বাৰ শুভাৰম্ভ কৰাৰ কাৰ্যই এতিয়া আশাৰ সঞ্চাৰ কৰিছে বৃহত্তৰ অঞ্চলটোৰ প্ৰায় সকলোৰে মাজত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।