08/11/2019 - 14:21
in
ৰহাঃ ৰহাৰ বৰুৱাখাটত সংঘটিত হৈছে এক জঘন্য ঘটনা। হাত ভৰি বান্ধি ৫৫ বছৰীয়া ব্যক্তিয়ে ধৰ্ষণ কৰিলে ১০ বছৰীয়া নাবালিকাক। ধৰ্ষণকাৰীটোৰ নাম সীতাৰাম দাস। এসপ্তাহৰ পূৰ্বে সীতাৰামে সংঘটিত কৰিছিল এই কুকৰ্ম। অভিযোগ মতে ৰহাৰ যোৱা তিনি আগষ্টত বৰুৱাখাটৰ নাবালিকাজনীয়ে স্কুলৰ পৰা আহি দোকানৰ পৰা বস্তু কিনিবলৈ যাওঁতেই প্ৰতিবেশী ৫৫ বছৰীয়া সীতাৰামে নাবালিকাজনীক টানি লৈ যায় আৰু হাত ভৰি বান্ধি ধৰ্ষণ কৰে।
পিছত হত্যাৰ ভাবুকি দি ঘটনাটো কাকো নক’বলৈ সকীয়াই দিয়ে। ভয়তে নাবালিকাগৰাকীয়ে বিষয়টো পিতৃ মাতৃক কোৱা নাছিল যদিও নাবালিকাজনীৰ স্বাস্থ্য অৱনতি ঘটাত শনিবাৰে পোহৰলৈ আহে সমস্ত ঘটনা। পিছত শনিবাৰে নিশাই নাবালিকাৰ পিতৃ-মাতৃয়ে ৰহা থানাত গোচৰ দিয়ে আৰু নিশাই আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।