গোলাঘাটত দৈয়াং নদীৰ ভয়াবহ ৰূপঃ খহনীয়াই ভাবুকি কঢ়িয়াইছে কেইবাখনো গাঁৱলৈ

 08/11/2019 - 14:36

গোলাঘাটঃ গোলাঘাটত দৈয়াং নদীয়ে অসম নাগালেণ্ড সীমান্ত অঞ্চলবাসীৰ বাবে চৰম ভাবুকি স্বৰূপ হৈ পৰিছে। দৈয়াং নদীৰ প্ৰবল খহনীয়াত পৰিছে কাষৰীয়া ২০খনৰো অধিক গাঁও। জামুগুৰি, কালোজান, মলাহনি টুপ, নোগোৰা, কুৱৰী গাঁও, সৰুপনী, শিশুপানী আদিকে ধৰি কেইবাখনো গাঁও অচিৰেই দৈয়াঙৰ নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে।

এই গাঁওসমূহত শ শ হেক্টৰ কৃষি ভূমি বাৰীৰ তামোল-পান, আম, কঁঠাল, নাৰিকল আদিৰ বিস্তৰ ক্ষতিসাধন হৈছে। স্থানান্তৰিত হৈছে বহু পৰিয়াল। ইফালে এই ঐতিহাসিক নোগোৰা দিহিং সত্ৰলৈ ভাবুকি কঢ়িয়াইছে দৈয়াঙে। যদি অচিৰেই চৰকাৰ তথা জলসম্পদ বিভাগে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে ভয়ানক ৰূপ ল’ব এই অঞ্চলসমূহত।

উল্লেখ্য যে ২০০৪-২০০৫ বৰ্ষতে দৈয়াঙৰ খহনীয়া প্ৰতিৰোধৰ বাবে প্ৰায় ১কোটি টকা ব্যয়ৰে Nogura Protection নামেৰে এক আঁচনি গ্ৰহণ কৰা হৈছিল যদিও সময়ৰ সোঁতত বাঢ়নী পানীয়ে উটুৱাই নিয়ে। অন্যহাতে বিজেপিৰ এটা প্ৰতিনিধিৰ দলে দৈয়াঙৰ খহনীয়াৰ পৰিবেশ আৰু পৰিস্থিতিৰ বুজ লৈ চৰকাৰক হেঁচা প্ৰদান কৰি অতি শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ আশ্বাস দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।