গুৱাহাটী আৰ্টিষ্ট গীল্ডত চিত্ৰ প্ৰদৰ্শনী আৰম্ভ

 08/11/2019 - 15:32

গুৱাহাটীঃ শনিবাৰৰ পৰা গুৱাহাটী আৰ্টিষ্ট গীল্ডত আৰম্ভ হৈছে এখনি চিত্ৰ প্ৰদৰ্শনী। ১৫ আগষ্টলৈ অনুষ্ঠিত হ’বলগীয়া প্ৰদৰ্শনীখনৰ দ্বাৰ মুকলি কৰে বিশিষ্ট তথা জনপ্ৰিয় গায়ক বিদ্যা সাগৰে। প্ৰদৰ্শনীখনৰ সামগ্রীসমূহ নিৰ্মিত কৰিছে মুখ্যতঃ পেলনীয়া কাপোৰ, কাগজ-কাৰ্টুনৰ টুকুৰা, কাৰ্ডবৰ্ড আদিৰ দ্বাৰা। স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ৰাইফল, ভাৰতীয় সৈন্যৰ আৰ্টিলাৰী গান আদি সুন্দৰভাবে বনোৱা হৈছে।

প্ৰদৰ্শনীখন আয়োজন কৰিছে আইক্ৰাফ্ট গুৱাহাটীৰ বৰ্ণালী সিনহা, ৰঘুবীৰ সিনহা আৰু সমীক ৰাজ ভুমিজে। উক্ত প্ৰদৰ্শনীখনত শিশুশিল্পী দেবোজ্বল পৰাশৰ আৰু যজ্ঞশ্ৰী পৰাশৰেও অংশগ্ৰহণ কৰে। প্ৰদৰ্শনীখনত অইল পেইণ্টিং, চাৰ্কোল পেইণ্টিং, পানীৰ ৰং আদিও ব্যৱহাৰ কৰা হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।