বিজেপিত যোগদানৰ ঢৌ কংগ্ৰেছীৰ

 08/11/2019 - 15:39

ডিজিটেল ডেস্কঃ প্ৰাক্তন জ্যেষ্ঠ কংগ্ৰেছী ভুৱনেশ্বৰ কলিতা আৰু সঞ্জয় সিঙৰ পাছতে বিজেপিত যোগদানৰ ঢৌ উঠিছে কংগ্ৰেছীৰ। দেওবাৰে বিজেপিত যোগদান কৰে বৰাক সম্ৰাট ৰূপে খ্যাত গৌতম ৰয়, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ শান্তিয়াজ কুজুৰৰ লগতে যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি হিৰণ্য ভূঞাই।

দেওবাৰে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত নেডাৰ আহ্বায়ক ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ উপস্থিতিত আনুষ্ঠানিকভাৱে যোগদান কৰে তিনিওজন নেতাই। উল্লেখ্য যে শনিবাৰে দুয়োজন জ্যেষ্ঠ নেতাই কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছিল। লগতে শেহতীয়াকৈ দেওবাৰে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছিল যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি হিৰণ্য ভূঞাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।