বৰপেটাত ভয়ংকৰ পথ দুৰ্ঘটনা

 03/30/2019 - 18:57

বৰপেটাঃ যোৱা কেইবাদিন ধৰি বৰপেটা জিলাত সঘনাই পথ দুৰ্ঘটনা সংঘটিত হৈ আছে। আজি বৰপেটা জিলাৰ উত্তৰ বৰপেটা হাউলি বৰপেটা ৰোড সংযোগী পথত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা। AS 15C 7499 নম্বৰৰ মেক্সিম’ গাড়ীখনে হাউলী দিশৰপৰা আহি থকা এজন বাইক আৰোহীক খুন্দিয়ায় । দুৰ্ঘটনা সংঘটিত কৰিয়ে গাড়ীখনৰ চালকজনে গাড়ীখন পথৰ ওপৰতে এৰি পলায়ন কৰে।

দুৰ্ঘটনাত বাইক আৰোহী হাউলী ইটাৰভিঠা নিবাসী হিকমত আলী (৩৫) গুৰুতৰ ভাবে আহত হয়। ইতিমধ্যে লোকজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে। কিন্তু অতি পৰিতাপৰ বিষয় যে ১০৮ এম্বুলেঞ্চক বাৰম্বাৰ ফোন কৰাৰ পিছতো ১০৮ এম্বুলেঞ্চ ঘটনাস্থলীত উপস্থিত নহ'ল। অৱশেষত সাংবাদিকৰ সহযোগত ব্যক্তিগত এম্বুলেঞ্চেৰে আঘাতপ্ৰাপ্ত লোকজনক বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ লৈ অহা হয়।

পৰৱৰ্তী সময়ত লোকজনৰ অৱস্থা বেয়াৰ পিনে গতি কৰাত চিকিৎসকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে। কিন্তু ইয়াতো চৰকাৰী এম্বুলেঞ্চৰ কাৰণে হাবাথুৰি খাব লাগে ভুক্তভোগী পৰিয়ালে। অৱশেষত সাংবাদিকৰ নিজস্ব প্ৰচেষ্টাত ব্যক্তিগত এম্বুলেঞ্চেৰে আঘাতপ্ৰাপ্ত লোকজনক গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। বৰপেটাৰ পৰা চাইজুৰ ৰহমান ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।